তোমাৰ মিছা প্ৰেম/এটি হৃদয় বিদাৰুন কাহিনী/ Tumar Missa Prem /A heart broken love Story
কাহিনী
.... তোমাৰ মিছা প্ৰেম.....
..... (প্ৰথম খণ্ড )....
প্ৰায় ১৭ /১৮ বছৰীয়া বিশাল নামৰ ল'ৰা এজন হাতত ৰছী লৈ নিজম-নিজান ঠাইত গৈ এজোপা গছৰ ডালত ৰছী লগাব চেষ্টা কৰি থাকে ।তেনেতে ৰেখা নামৰ এজনী ছোৱালী বয়স তাইৰ পঁচিশ বছৰ মান হ'ব । তাইৰ ভৰি এখন অলপ জন্মৰ পৰাই চুটি। তাই ভৰি লেংৰাই খোজ কাঢ়ে । তাই ঘৰ হাবি খনৰ ওচৰতে হয়। তাই হাবিত জঙ্ঘলী শাক পাচলি বিচাৰি আছিল, তেনেতে তাইৰ চকুত পৰে ল'ৰা এজন গছৰ তলত থিয় দি ৰছীৰে গছৰ ডালত বান্ধি থকা । তাই প্ৰথমে ভাবে লৰা জনে চাগে গছৰ দাল কাটিব আহিছে, তেনে ভাবি তাই নিজৰ লক্ষ্যলৈ যাবৰ কাৰণে দুই তিনিটা খোজ লওতে তাই অ'ক বকাই থকাৰ দৰে শব্দ শুনে ,লগে লগে তাই ঘূৰি চাই দেখে ল'ৰা জন গলত চিপজৰি লৈ ওলমি ধৰি ফৰ কৰি আছে । ৰেখাই তেনে দৃশ্য দেখি হতভম্ব হয় কি কৰু কি নকৰু হৈ যাই । তেনেতে হঠাৎ মনত পৰে, তাই হতত কটাৰি এখন আছে আৰু লগে লগে পাৰাকে নৰাকে লেংৰা ভৰিৰে দৌৰি গৈ বিশালে ওলমি থকা ৰছী দাল কাটি দিয়ে। বিশালে লগে লগে মাটিত ঢলি পৰি যায় আৰু ৰেখা ই তাক কব ধৰে ) ।
ৰেখা:-তই এইবোৰ কি কৰিবলৈ লৈছিলা ।
বিশাল :- (ৰেখাৰ ফালে চাই খংঙত বহুত জোৰেৰে চিঞৰি কয় )মোক মৰি যাব দে , তই কোনো মোক কিয় বচাব আহিছা , মোক শান্তিৰে মৰিব দিয়া তই যি কামত আহিছ তাকেই কৰ গৈ যা।
ৰেখা:- মই জাম বাৰু তুমি কিয় এনেকৈ নিজৰ জীৱন শেষ কৰিব খোজিছা ।
বিশাল:- তোক কিয় লাগে এইবোৰ ? মোৰ জীৱন মোৰ কথা মই যি কৰো তাতেই তোৰ কিহল , তই য'ত যাব আহিছা তালৈ যায় ।
ৰেখা:- মই যাম বাৰু তই আগতে মোক কব লাগিব কিয় তই এই সিদ্ধান্তত লৈছা।
বিশাল :- আৰে তোক মই জানো নে চিনো , মই কিয় কম তুক মোৰ কথা।
ৰেখা:- তুমি কবয়েই লাগিব নহ'লে মই নাজাও ইয়াৰ পৰা আতঁৰি।
বিশাল:-( অলপ সময় ৰৈ কব ধৰিলে তাৰ কাহিনী)
মোৰ এই পৃথিৱীত থাকি একো লাভ নাই । মোক সকলোযে এৰি থৈ গৈছে। মোৰ কোনো নাই । সৰুতে মা দেউতাক হেৰুৱালো ! আইতা , যিয়েই মোক সৰুৰ পৰা আলৈ আথনি নোহোৱাকৈ ডাঙৰ দীঘল কৰিলে সিযোঁ যোৱা বছৰ মোক এৰি গুছি গ'ল আৰু আজি জুনুকা যাক মই মৰমতে জুনু বুলি মাতিছিলো ! তাইয়ো মোৰ বহুত বছৰৰ ভাল পোৱাক দলিয়াই চহকী মৰম পায় মোৰ সঁচা মৰম নেওচি আজি আন এজনৰ লগত বিবাহপাশত আৱদ্ধ হ'ল।
ৰেখা:- অ তাৰ মানে তুমি প্ৰেমত ফেল ।
বিশাল :-অ মই প্ৰেমত ফেল, জানিলিটো
এটিয়া মোৰ কাহিনী যা এটিয়া গুছি যা ,য'ত যাব আহিছা তালৈ যা গৈ । মোক অন্তত শান্তিৰে
মৰিব দিয়া।
ৰেখা:- যাম বাৰু তাৰ আগতে মোক কেইটা মান প্ৰশ্নৰ উত্তৰ দিয়া ।
বিশল:-(খংঙত ৰঙামঙৱা হৈ উচ্চ সুৰত কব) মই তোৰ প্ৰশ্নৰ উত্তৰ দিব আহা নাই ,মই ইয়াত মৰিব হে আহিছোঁ।
ৰেখা:-ঠিক আছে দিব নালাগে তুমি মোক কোনো প্ৰশ্নৰ উত্তৰ। মই আৰু বেছি কথা নকওঁ কিন্তু মোৰ কেইটামান কথা শুনিব লাগিব।
বিশাল:- কি কথা ?
ৰেখা:- তোমাৰ দৰে মোৰো এজন ভাইতি আছিল আৰু তাক মই বহুত মৰম কৰিছিলো । তাৰ বাহিৰে মোৰ আপোনা বুলিবলৈ এই পৃথিৱীত কোনো নাছিল । ভাইটি আঠবছৰ মান বয়স আৰু মোৰ বয়স তেতিয়া প্ৰায় দহ বছৰৰ মান হ'ব তেনে ফুল কুমলীয়া বয়সতেই মা দেউতা আমাক এৰি বহু দুৰলৈ গূছি গ'ল। মা দেউতাযে এৰি যোৱাৰ পাছত মই তাক বহুত মৰমৰে ডাঙৰ দীঘল কৰিছিলো, পঢ়াই শুনাই ডাঙৰ মানুহ কৰিম বুলি ভাবিছিলো ! কিন্তু! তোমাৰ দৰে কাৰোবাৰ মিছা প্ৰেমৰ বলি হৈ এনে ঘৃণনীয় কাণ্ড কৰি মোক চিৰকাল অকলশৰীয়া কৰি গূছি গ'ল। তুমিয়েই কোৱা মোৰ কি ভূল আছিল মই কি কৰিলো মোক ইমান ডাঙৰ শাস্ত্ৰী দি থৈ গ'ল । মই কিদৰে জীয়াম তাৰ অবিহনে এবাৰো নাভাবিলে সি । তুমিয়েই কোৱা চোন যি জনি ছোৱালীৰ কাৰণে নিজৰ জীৱন শেষ কৰিলে তাইৰ জানো কিবা খতি হৈছে , তাইতো আনৰ লগত বিবাহপাশত আৱদ্ধ হৈ অতি সুন্দৰকৈ সংসাৰ কৰি আছে।
বিশাল:- ৰেখাৰ কথা শুনি থিয় হৈ থকাৰ পৰা মাটিত বহি যায় ।
ৰেখা:- (কথা continue কৰি যাবলৈ ধৰে) তোমালোক ল'ৰাবোৰ বৰ মূৰ্খ হয় ,আনৰ মিছা প্ৰেমক সঁচা ভাবি লৈ বহুতো ছিৰিয়াছ হৈ যোৱা। ছোৱালী বোৰ বহুত চালু বুজিছ সিহঁত সঁচা মৰম চেনেহ একো বুজি নাপায় মাথোঁ চাকৰি কৰা ল'ৰা ধনী ব্যক্তি ধনী পৰিয়াল লাগে যাতে সিহঁতৰ নিজৰ জীৱন সুন্দৰকৈ পাৰ কৰিব পাৰি , বাৰু তুমি এটা কথা কোৱা চোন তোমাৰ জুনুযে যাৰ লগত বিবাহপাশত আৱদ্ধ হৈছে সি কি কৰে?
বিশাল:- (কওঁ নকওঁ মাতৰে) কিবা প্ৰাইভেট বেংক নে কিবা এজেণ্ট হিচাবে কাম কৰে। মই ইমান এটা ভালকৈ সুধা নাই ।
ৰেখা:- আৰু তুমি কি কৰা ?
বিশাল:- মই মই একো নকৰোঁ । এইবাৰ গ্ৰেজুৱেট দ্বিতীয় বৰ্ষৰত।
ৰেখা:- অ হয় নেকি ?
বিশাল: মুৰ জুকাৰি হয় উত্তৰ দিয়ে মুখেৰে কোনো শব্দ উচ্চাৰণ নকৰাকৈ।
ৰেখা:- তুমি ভাবি চিন্তি চাইছা নে তাই কিয় তোমাক এৰি গুছি গ'ল।
বিশাল:- তাই মোক কৈছিল তাইৰ মাকে জোৰ কৰি তাইক বাধ্য কৰাছে ।
ৰেখা : সম্পূৰ্ণ তাই তোমাক মিছা কৈছে।
বিশাল:- তই কেনেকৈ জানিলি ্ তাই তেনে ধৰণৰ ছোৱালী নহয় , তাই মোক কোনো দিনে মিছাকৈ নকয়, মই ভালকৈ জানো।
ৰেখা: মইওঁ এজনী ছোৱালী হয় ,ছোৱালী বোৰ বিষয়ে তোমাতকৈ ভালকে জানো । তাই তোমাক মিছা কৈছে ।
বিশাল:- আন বেলেগ ছোৱালী বোৰ তেনে হ'ব পাৰে তাই তেনে ধৰণৰ ছোৱালী নহয়। মিছাতে তেনেকে নকবি তাইক। তাই মাকৰ থকা পেলাব নোৱাৰিহে তেনে কৰিলে।
ৰেখা :- আৰে তুমি ইমানো অন্ধ নহবিছোন প্ৰেমত। কথাটো অলপ ভালকৈ বিছাৰ কৰি চাবি ।
তাই যদি তোমাক ইমান এ ভাল পাইছিল, তেনেহলে তোমাতকৈ আগতে তুমি যি কৰিবলৈ আহিছা তেনেধৰণৰ চিন্তা বা কাম কৰিল হয় । কাৰণ ল'ৰাতৈ ছোৱালীৰ অন্তৰ বৰ কুমল আৰু টো তোমাক ক'লে হয় ন তাই মোক লৈ বলা তোমাৰ লগ , মই তোমাৰ অবিহনে থাকিব নোৱাৰিম বুলি।
এনেধৰনৰ কথা তাই কৈছিল নে?
বিশাল: নাই কোৱা।
ৰেখা: কিয় কব তাই তেনেতে, নকয় কাৰণ তাই সঁচা ভাল পালেহে কলে হয় । তাই যদি সঁচা অন্তৰে ভাল পালে হয় তেনেহলে কেতিয়াও তোমাক এৰি গুছি নগল হয় । সময় আছে এতিয়াও ভালকৈ ভাবি চা কথাতো । তোমাৰ সমুখত গোটেই জীৱন পৰি আছে । ছোৱালী অকল তাই হে আছে নেকি ? পৃথিৱীত তাতকৈ সুন্দৰ সুন্দৰ বহুত ছোৱালী আছে। প্ৰথমে পঢ়ি শুনি নিজৰ ভৰিত ঠিয় দি ল'হ ।
সম্পূৰ্ণ কাহিনীটো পঢ়িবলৈ মোক কমেন্ট কৰি জনাব আৰু ফ্লঅ কৰিবলৈ নাপাহৰিব .....
Post a Comment