Click adila ads

অ কমলা। অসমীয়া কবিতা। অ পাহাৰ।O Komola /Assamese kobita/ O Pahar /



আহকচোন "অ' কমলা" কবিতাটি পঢ়হো । কবিতাটি সম্পূৰ্ণ কমলা ৰ ওপৰত লিখা হৈছে। বিশেষকৈ  কবিতাটো মনোৰঞ্জনৰ বাবে লিখা হৈছে। কবিতাত লিখা কথাবোৰেই কৰো মনত আঘাত দিয়াৰ উদ্দেশ্যৰে লিখা নাই ,লিখনি সম্পূৰ্ণ মোৰ নিজৰ স্বৰচিত কবিতা। আশাকৰোঁ আপোনালোকে কবিতাটি পঢ়ি ভাল পাৱ, আৰু যদি কিবা ভূল ক্ৰুতি দেখা পালে বা কিবা পৰামৰ্শ দিব বিচাৰে কমেন্ট যোগেদি জনাব নাপাহৰিব দেই ৰাইজ।  কবিতাটো তলত উল্লেখ কৰা হ'ল -----


...অ' কমলা ...

অ কমলা অ কমলা 

তুমি বহাগ জেঠ'ত ফুলিবা

অ কমলা অ কমলা 

কাতি আঘোণ'ত পকিবা ,

অ কমলা অ কমলা 

তুমি বৰ টেঙা 

অ কমলা অ কমলা 

পকিলে আকৌ হোৱা কিন্তু তুমি বৰ মিঠা।

অ কমলা অ কমলা 

আকাৰ তোমাৰ গোল গোল 

অ কমলা অ কমলা 

বাকলি গোন্ধাই তোমাৰ আমূল মূল।।




অ কমলা অ কমলা 

কেঁচাত তোমাৰ ৰং সেউজীয়া 

অ কমলা অ কমলা 

পকিলে আকৌ হয় বৰণ হালধীয়া,

অ কমলা অ কমলা 

ডালত ওলমি ওলমি তুমি লাগি থকা

অ কমলা অ কমলা 

সৰু সৰু পাত আৰু ডালবোৰত কাঁইট ভৰা ।




অ কমলা অ কমলা 

সকলোযে তোমাক খাই পায় মজা 

অ কমলা অ কমলা 

তুমিয়েই চাগে ছোৱালী বোৰৰ

 বৰ প্ৰিয় টেঙা ,

অ কমলা অ কমলা 

কেঁচাত তুমি টেঙা টেঙা 

নিমখ জলকীয়া দি পিতিকি পিতিকি

 বৰ ভাল লাগে খাবা

অ কমলা অ কমলা 

পকিলে তুমি মিঠা মিঠা 

এছকল এচকল এৰাই 

চুহি চুহি খায় লাগে বৰ মজা ।।




অ কমলা অ কমলা 

তোমাৰ দেহাটো বৰ ৰসাল 

অ কমলা অ কমলা 

চেপি চেপি ৰস ওলায় 

জুছ চৰবত বনাই খাবৰ ভাল,

অ কমলা অ কমলা 

তোমাৰ বাকলি গোন্ধাই বাবে 

চাহত দি খাই লাগে ভাল 

অ কমলা অ কমলা 

তোমাৰ দেহত থাকে ভিটামিন চি 

খালে দেহৰ উজ্জ্বল হয় চাল  ।।



Written by Binod Doloi 

Www.Assamesekobitabur.com




           কবিতা ২


পাহাৰক লৈ এটি কবিতা আবৃত্তি কৰো আহকচোন।
কবিতাৰ শিৰোনামা হৈছে" অ' পাহাৰ" /কবিতাটো সম্পূৰ্ণ পাহাৰৰ, পৰ্বত ,নৈ, নিজৰা, জান, জুৰি, প্ৰকৃতিৰ ওপৰত লিখাৰ চেষ্টা কৰা হৈছে। আশাকৰোঁ আপোনালোকে কবিতাটি পঢ়ি ভাল পাৱ। কবিতাটি তলত উল্লেখ কৰা হৈছে 👇 



............"অ পাহাৰ "...........

অ পাহাৰ অ পাহাৰ 
তুমি বৰ দয়ালু পাহাৰ 
অ পাহাৰ অ পাহাৰ 
তুমি বৰ বিশাল পাহাৰ ,
 অ পাহাৰ অ পাহাৰ 
মানৱ জাতিৰ উপকাৰ অৰ্থে 
তুমি যে দিয়া বহু বলিদান  
অ পাহাৰ অ পাহাৰ 
তোমাৰ দেহৰ মঙহ যেন মাটিক 
কাটি কাটি মানুহে নিজৰ স্বাৰ্থ পূৰাই,
অ পাহাৰ অ পাহাৰ 
তোমাৰ হাড় যেন শিলক
ভাঙি ভাঙি বহুত ডাঙৰ ডাঙৰ 
দীঘল দীঘল অট্টালিকা আৰু পথ সজাই ।
অ পাহাৰ অ পাহাৰ 
তোমাৰ চুলি যেন গছ লতাক 
কাটি কাটি মানুহে খা-সঁজুলি বনাই ।।



অ পাহাৰ অ পাহাৰ 
তুমি বৰ বিশাল পাহাৰ
তোমাৰ সাহসতে জীয়াই আছে 
বহু জীৱ জন্তুৰ বাস গৃহৰ
অ পাহাৰ অ পাহাৰ 
তোমাৰ বুকুতে বিকাশ হয় 
অলেখ গছ গছনি বৃক্ষৰ ,
অ পাহাৰ অ পাহাৰ 
তোমাক কি নাম দি মাতিম মই 
পৰ্বত নে গিৰি নে শৈল নে অতল 
অ পাহাৰ অ পাহাৰ 
দক্ষিণত থিয় দি আছা 
প্ৰকাণ্ড হিমালয় পাৰ্বত মালা হয়।


অ পাহাৰ অ পাহাৰ 
তোমাৰ বুকুতে অলেখ 
ধাতু খনিজ পদাৰ্থ বিছাৰিলে পায়,
অ পাহাৰ অ পাহাৰ 
তোমাৰ বুকুয়ে দি কুলু কুলু কৰি 
শিলৰ মাজে মাজে জান জুৰি 
নদ নদী, নিজৰা বয় ।
অ পাহাৰ অ পাহাৰ 
তুমিয়ে আগুৰি সামৰি ৰাখা 
বনৰীয়া জীৱ জন্তুক সদায়  ,



অ পাহাৰ অ পাহাৰ 
তুমি আছা বাবেই আমি আছো জীয়াই ,
অ পাহাৰ অ পাহাৰ 
তুমিয়েই টো দিয়া আমাক জীবিকাৰ উপাই ।
অ পাহাৰ অ পাহাৰ 
য'তেই যাওঁ তাতেই দেখো তোমাক মই ,
অ পাহাৰ অ পাহাৰ 
তুমি আমাৰ হিয়া আধা অংশ ।
অ পাহাৰ অ পাহাৰ 
তোমাক কিছুমান অবুজন মনুষ্যযে 
কৰিব ধৰিছে ধ্বংস  ।


আহক ৰাইজ ওলাই আহক
পাহাৰক পৰ্বতক বছাওঁ আহক
গছ গছনি নাকটিবা বিনাকৰণত 
এজোপা কাটিলে এশজোপা ৰূপন কৰক
সকলোযে একেলগে পণ লওক ।
গছ কটা বন্ধ কৰক
পৰ্বত পাহাৰৰ কটা বন্ধ কৰক।

......জয় আই অসম.......


কবিতাৰ লিখাক/ বিনোদ দলৈ 


    অনুগ্ৰহ কৰি মোৰ ব্লগ চাইটি following কৰক আৰু কবিতা বোৰ share কৰক comments কৰক । মই আকৌ ভাল ভাল কবিতা লিখিবলৈ চেষ্টা কৰিম যদি আপোনাৰ সঁহাৰি লাভ কৰোঁ।
আশাকৰোঁ আপোনালোকে নিশ্চয়ে সহাঁৰি জাছিৱ । ধ্যানবাদ থাকিল কবিতা কেইটা পঢ়াৰ বাবে।
 .......🙏🙏🙏🙏🙏 ধ্যানবাদ 🙏 🙏 🙏 🙏 🙏...













No comments

Powered by Blogger.