নিবনুৱা সমস্যা/ক'লে সঁচা কথা লাগে লেঠা/ প্ৰবন্ধ/ Nibonuwa Samysha /Articles/Unemployed Youth problem in Assam
"ক'লে সঁচা কথা লাগে লেঠা"
আজিকালি প্ৰায়ে সকলোৰ মুখত শুনা কমন কথাটো হৈছে নিবনুৱা সমস্যা। ইয়াৰ বাৰু আছে নে সমাধান কৰা কিবা ব্যবস্থা। ক'লে সঁচা কথা লাগে লেঠা , আজিকালি এচাম নিবনুৱা আছে মানে মই কি বুলি পৰিচয় দিম ভাবি পোৱা নাই। বাৰু যিয়েই নহওক মই নিবনুৱাৰ সমস্যাক দুটা ভাগত বিভক্ত কৰিছোঁ। প্ৰথম ভাগত লৈছ জ্ঞানী নিবনুৱা আৰু আনটো হৈছে এলেহোৱা নিবনুৱা । ক'লে সঁচা কথা লাগে লেঠা, মই বাৰু নগৰ বা টাউনত বসবাস কৰা সকলক বাদ দিছো।
ক'লে সঁচা কথা লাগে লেঠা মই বিশেষকৈ গাঁওবোৰত বসবাস কৰা বা থকা নিবনুৱা সকলৰ কথা কৈছোঁ।
মই এতিয়া জ্ঞানী নিবনুৱা সমস্যাৰ কথা কবলৈ লৈছো।
গাঁওত এনেধৰণৰ কিছুমান জ্ঞানী নিবনুৱা আছে আপুনি জানিলে কব ক'লে সঁচা কথা লাগে লেঠা।
এই যে গাঁৱত জ্ঞানী নিবনুৱা আছে এওঁলোক হৈছে একো একোটা শিক্ষিত ল'ৰা বা ছোৱালী । এওঁলোক হৈছে ঘৰৰ খাচতিয়া ধন দেউতাকৰ ঘাম পচিনাৰ সাঁচতিয়া পইছা খৰছ কৰি ভাল ভাল শিক্ষাৰ উপাধি আৰু চাৰ্টিফিকেট লাভ কৰা নিবনুৱা। এওঁলোকৰ অকল চাকৰিৰ বাবে নিৰ্বাচিত হ'বলৈ ডাঙৰ ডাঙৰ নম্বৰ অৰ্জন কৰা লোক । ইহঁতৰ অকল কিতাপৰ জ্ঞান থাকে। Skill বুলিবলৈ এওঁলোকৰ কোনোধৰণৰ অভিজ্ঞতা নাথাকে। কেবল মাথোঁ চাকৰি বিছাৰি একো কাম কাজ নকৰি ৰৈ থাকে। মই ভাবো অকল চাকৰিৰ পাবৰ কাৰণে যদি পঢ়া শুনা কৰা যায় তেন্তে তেনেধৰণৰ শিক্ষা গ্ৰহণ নকৰাযে ভাল নেকি ? ডিগ্ৰী বা শিক্ষা চাকৰি কাৰনে নলৈ নিজক জ্ঞানি কৰিবলৈ লোৱাতো বেছি উত্তম বুলি ভাবো । আমাৰ গাঁৱত ল'ৰা ছোৱালীৰ চিন্তা ধাৰণা অলপ বেলেগ ক'লে সঁচা কথা লাগে লেঠা। অলপ মান কেনেবাকৈ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় তাক আৰু কোনে পায় । চৰকাৰী চাকৰি এটা বিছাৰি গোটেই দেশখন চলাথ কৰিব মাথোঁ চাকৰি লাগে। ক'লে সঁচা কথা লাগে লেঠা ,চাকৰি বিছাৰি বিছাৰি নাপায় মেলি গাঁৱত আহি মদৰ গিলাছ ধৰি দহ জনক কব পঢ়ি শুনি একো লাভ নাই বুজিছা দিন হাজিৰা কৰাই ভাল । ক'লে সঁচা কথা লাগে লেঠা,তাকেই শুনি আকৌ দহজনৰ দেউতাকে নিজৰ ল'ৰাক স্কুল পঠাব এৰি কাম কৰিব মানে দিন হাজিৰা কৰিবলৈ পাথায় । ক'লে সঁচা কথা লাগে লেঠা,যেতিয়া ল'ৰা স্কুল নগৈ হাজিৰা কৰি কিছু টকা চুই পাব তেতিয়া আৰু কোনে পাই । সৰুতেই এবাৰ টকা চুই পোৱাৰ পাছত আৰু পঢ়া শুনা হাল উঠি যায়। ক'লে সঁচা কথা লাগে লেঠা, আমাৰ ল'ৰা বা ছোৱালীবোৰে ব্যৱসায় পদ্ধতিৰ প্ৰতি ধাউতি নাই । কাৰণ ব্যৱসায় প্ৰতি কোনো ধৰণৰ জ্ঞান নাথাকে আৰু স্কুল গৈ শিক্ষা লোৱা মানেই চাকৰি পাব লাগিব। ক'লে সঁচা কথা লাগে লেঠা, তাতেই আকৌ আমাৰ শিক্ষা ব্যৱস্থাত যিহে নকও আৰু দে , ক'লে সঁচা কথা লাগিব লেঠা। আমাৰ প্ৰাথমিক শিক্ষা বা স্কুলত কোনো এনেধৰণৰ ব্যবস্থা নাই এজন ল'ৰা বা ছোৱালীক এজন চাকৰি অবিহনেও কেনেকৈ ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰিব পাৰি তাৰ বিষয়ে কেতিয়াও আলোচনা কৰা নহয়। ক'লে সঁচা কথা লাগিব লেঠা, মাথো পঢ়োৱা হয় এজন খৰিকটীয়া আছিল সদায় পাহাৰত খৰিকাটিব গৈছিল নদীত কুঠাৰখন পৰিল তাৰ পৰা এজনী দেবী ওলাল আৰু সোণৰ কুঠাৰ এখন দিছিল এনে ধৰণৰ কহানি পঢ়াই পঢ়াই দহ বাৰ বছৰ পাৰ হৈ যায়। ক'লে সঁচা কথা লাগিব লেঠা, যদি পাঠ্যক্ৰমত বিজনেছ-ব্যৱসায় বিষয়ে অধ্যয়ন বা শিক্ষা দিয়া হোৱা হ'লে হয়তো গাঁৱতযে নহয় সম্পূৰ্ণ দেশতে এই নিবনুৱা নামৰ ডাঙৰ সমস্যাটো সমাধান হ'ল হেঁতেন। ক'লে সঁচা কথা লাগিব লেঠা, গাঁৱত দেখিবা সকলোৰে ঘৰত কম বেছি পৰিমাণে হ'লেও দুই তিনিটা বিঘা মাটি পৰি আছেই, হয়টো খালি খেতি কৰাৰ বাহিৰে এশ শতাংশ লোকৰ ভিতৰত ১০% লোকে হে অলপ পৰিমাণৰ শাক-পাচলিৰ খেতি কৰে বাকি ছয় সাত মাহ এনেই পৰি থাকা দেখা যায় আৰু ঘৰৰ বাৰিখনো কেইজোপামা তামোল গছৰ বাহিৰে বেলেগ একো দেখা নাযায়। ক'লে সঁচা কথা লাগিব লেঠা, যদি পাঠ্যক্ৰমত সৰুৰেপৰাই ব্যৱসায় পদ্ধতিৰ ওপৰত কিছু শিক্ষা প্ৰদান কৰা হোৱা হ'লে তেতিয়া সেই নিবনুৱা নামৰ ডাঙৰ সমস্যাটো সমাধান কৰিব পৰা গ'ল হয় । ক'লে সঁচা কথা লাগিব লেঠা, প্ৰত্যেক জনে বৈজ্ঞানিক পদ্ধতিৰে খেতি ব্যৱসায় পদ্ধতিৰ প্ৰতি অভিজ্ঞতাৰ প্ৰাপ্ত হোৱা হ'লে চৰকাৰী চাকৰি বিছাৰি হাবাথুৰি খাব নালাগিল হয়। তেতিয়া প্ৰত্যেক জনে বৈজ্ঞানিক পদ্ধতিৰে বা ব্যৱসায় পদ্ধতিৰে খেতি কৰি বা কিবা এটা ব্যৱসায় কৰি স্ৱভালম্ভী বা জীৱন নিৰ্বাহ কৰিব পৰা গ'ল হয়। ক'লে সঁচা কথা লাগে লেঠা, আজিকালি বাৰু অলপ শিক্ষা ব্যৱস্থাবোৰ উন্নত হৈছে প্ৰায়ভেদ বা অচৰকাৰী শিক্ষা প্ৰতিষ্ঠান সমূহত কিন্তু চৰকাৰী শিক্ষা অনুষ্ঠান সমূহত এতিয়াও একেই আছে। ক'লে সঁচা কথা লাগিব লেঠা, চৰকাৰী শিক্ষা অনুষ্ঠান সমূহতো যদি শিক্ষা ব্যৱস্থাত অলপ চৰকাৰে নজৰ দিয়া হ'লে অভিৱাবক সকলে নিজৰ ল'ৰা ছোৱালীক প্ৰাযভেট শিক্ষা অনুষ্ঠানত নপঢ়াই চৰকাৰী বিদ্যালয়ত নাম ভৰ্তি কৰাই দিলে হয়। ক'লে সঁচা কথা লাগে লেঠা, যি সকল টকা পইচাৰ সবল শক্তিশালী তেওঁলোকেহে অচৰকাৰী অনুষ্ঠানত পঢ়াৰ পাৰিছে। ক'লে সঁচা কথা লাগিব লেঠা, যিসকল দৰিদ্ৰ তেওঁ লোকৰ লৰা ছোৱালী সেই চৰকাৰী স্কুলত ভৰ্তি কৰাই সেই পুৰণি শিক্ষা পদ্ধতিতেই শিকাই আছে অ মানে অমিতা আ মানেই আম দুপৰীয়া স্কুলত দালি ভাত খাম । কলে সঁচা কথা লাগে লেঠা, এনেধৰণৰ শিক্ষা ব্যৱস্হাৰ পৰা কেনেকৈ নিবনুৱা সমস্যা দুৰ হ'ব । শিক্ষা লগতে বিভিন্ন দিশৰ জ্ঞান প্ৰদান কৰা হ'লে নিশ্চিত ভাৱে নিবনুৱা সমস্যা কিছু পৰিমাণে হ'লেও দুৰ হ'ল হয়।
আমাৰ ওপৰৰ দেশ চীন দেশৰ শিক্ষা ব্যৱস্থাত চৰকাৰে বহুত বেছি গুৰুত্ব দিয়ে যাৰ ফলত দেশত বিভিন্ন ক্ষেত্ৰৰ ফালৰপৰা সদায় আগত । ক'লে সঁচা কথা লাগিব লেঠা, এই দেশ সমূহে নিজৰ ল'ৰা ছোৱালীক সৰুৰে পৰাই ব্যৱসায় বাণিজ্য বিষয়ে মাক দেউতাকে ও জ্ঞান দিয়ে। আমৰ দেশত তেনে কোনো ধৰণৰ জ্ঞান দিয়া দেখা নাযায়। ল'ৰা ছোৱালীক স্কুলত পঠিয়াই দিয়ে তাৰ পাছত শিক্ষকে যি শিকাই শিকাই আৰু। ক'লে সঁচা কথা লাগিব লেঠা সেইবাবে আমাৰ ল'ৰা ছোৱালী অকল কিতাপৰ জ্ঞান হে থাকে কাৰিকৰী জ্ঞান নাথাকে।
নিজকে কিবা এটা কৰি চলাৰ মানসিকতা নাৰাখি সদায় চৰকাৰ খনক গালি দি থাকে । ক'লে সঁচা কথা লাগিব লেঠা,এই এলেহুবা নিবনুৱা বোৰ অকল চৰকাৰে কিবা ফ্ৰীতে দিয়ে নেকি তালৈ ৰৈ থাকে।
ক'লে সঁচা কথা লাগিব লেঠা, মই ভাবো এই নিবনুৱা সমস্যাক দুৰ কৰিব লৈ উঠি অহা লৰা ছোৱালীক স্কুলত প্ৰাথমিক শিক্ষাৰ লগতে কাৰিকৰী শিক্ষা ব্যৱস্থাত চৰকাৰে গুৰুত্ব দিলে যেনে মাৰ্কেটিঙ, বিভিন্ন ব্যৱসায় বাণিজ্য, কাৰটিঙ, এমব্ৰডাৰিঙ, মিন পালন, পশুপালন, কৃষি গৱেষণা আদি মাজে মাজে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিলে নিবনুৱা সমস্যা অলপ হ'লেও কম হ'ব বুলি মই ভাবো।
ক'লে সঁচা কথা ওলাই বহু কথা । মই ভবাৰ দৰে যি সকলে ভাবে মতামত প্ৰকাশ কৰিবলৈ একেবাৰে নাপাহৰিব দেই ৰাইজ।
আশাকৰোঁ আপোনালোকে নিশ্চয়ে সহাঁৰি আগবঢ়ায় যাব আগলৈও । ক'লে সঁচা কথা লাগে লেঠা কিবা পৰামৰ্শ দিব বিচাৰে কমেন্ট যোগেদি জনাব পাৰিব।
ধ্যানবাদ থাকিল মোৰ লিখাবোৰ পঢ়াৰ বাবে।
🙏🙏🙏🙏সকলোলৈ ধ্যানবাদ থাকিল 🙏 🙏 🙏 🙏
লিখক /বিনোদ দলৈ
Post a Comment