কবিতা /kobita /জ্বলি থকা তৰাটি হৈ/পৰে নে মনত/Romantic Assamese poetry/ Joli thoka tarati hoi/Assamese romantic kobita/ romantic poems
জ্বলি থকা তৰাটি হৈ/কবিতা /Joli thoka tarati hoi/Assamese romantic kobita/ romantic poems
Assamese poem 01
........ কবিতা.....
জ্বলি থকা তৰাটি হৈ..
জ্বলি আছা কলিজাতে ঐ..
নদী দ্বীপ মাজুলী হৈ...
ৰৈ আছো তোমাৰ পৰশ পাবলৈ..
ছিলংঙৰ বতাহ জাক হৈ ...
চেঁচা কৰি নাজাৱা মোৰে কলিজা খনক ঐ।
তোমাকে জীৱন লগৰি কৰি পাবলৈ
প্ৰাৰ্থনা কৰিছো মঠ-মন্দিৰ দুৱাৰে দুৱাৰে গৈ
নাজানো কেতিযা হৱ এই সপোন বাস্তৱ লৈ
চনচল মন যদিও ধীৰ হৈ ৰৈছো
তোমাৰ মৰম পোৱাৰ বহু আশা মনত বান্ধিছো ।
সিদিনাখন হঠাৎ দেখিলোঁ তোমাক
বহুদিন নেদেখাৰ পাছত গৈ দেওঁবৰিয়া বজাৰত
লগত দেখিলোঁ কোনোবা অচিনাকি ব্যক্তি
যাক মই দেখা নাছিলো কোনো দিন আগত
চেৰেংকৈ চুই গল বুকু কপালত উঠিল চকু
উষাবোৰ ব'ৱ ধৰিছে চুটি চুটি ঘন ঘন কৈ
আইনা ভগা দি থুনুকে শব্দ কৰি ভাগিলে বুকু।
অবুজন মনক দিলো বুজনি
নিজে নিজক বহু কথাকৈ
নিজকে লভিলো শান্তনা কন
হব পাৰে কোনোৱা দুৰ-দুৰণি
তোমাৰ আলহী অতিথি গণ ।
আকৌ ভাবিলো নাই! ভবাৰ দৰে
নহ'বওঁ পাৰে সকলো সচাঁ
চকু থাকি দেখিও হও কিয় কণা
তাকেই ভাবি চাই ৰ'লো তোমাৰ আচৰণ
তোমাৰ হাঁহি আৰু দুচকু্য়ে জল জল
পদ পদ কৈ বুজাই গল মনৰ আকাঙ্ক্ষা অগণন॥
Poem written by /Binod Doloi
Topatoli kqmrup (m)Assam
Assamese poem 02
"Pore Ne Tumar Monat"/Assamese kobita..
পৰে'নে তোমাৰ মনত
অতিত'ৰে কথা ..
খিৰিকিৰ ফাকেৰে
জুমি জুমি মোকে চোৱা..।
হাফ পেদেল মাৰি মাৰি
পাইছিলো তোমাৰে পদূলি
তোমাৰে দেউতাৰ ৰঙা চকু দেখি
ভয়ে ভয়ে উভতিছিলো ঘৰলে বুলি....।
স্কুলিয়া বাটতে
আমলখি পকি খৰা ..
ঘৰলৈ উভতি আহোতে
বুটলি খোৱা..।
পৰে নে বাৰু তোমাৰ মনত
মৰম বাঢ়ে বুলি
আধা খাই তোমাক দিয়া...।
পৰে নে বাৰু তোমাৰ মনত
একে লগে খেলা ধূলা কৰা
হাৰি গলে তুমি থেহ ফেহুৰ ধৰা ;
আইৰ হাচটিৰ পৰা
এক অনা পইচা চুৰ কৰি নিয়া
ৰতনৰ দোকানত গৈ
লজুণ গুটি কিনি খোৱা ।
পৰে নে তোমাৰ মনত
ধিতিংঙ ককাৰ বাৰিত
আম জাম কঠাল চুৰ কৰি খোৱা
বুঢ়া ধিতিংঙ ককায়ে পিছে পিছে খেদি ফুৰা..।
আজি সেই দিন বোৰো নাই তুমি ও নাই
আছে মাথোন সেই অতিতৰ সোঁৱৰণি
ভাবিলে ভাল লগা এটি মিঠা অনুভূতি
খোজ পৰিলে সেই ঠাইত আকৌ
যাবলৈ মন যাই শৈশৱৰ সেই দিনবোৰলৈ উভতি॥
কবিতাৰ লিখক :-বিনোদ দলৈ...
কামৰূপ (ম)অসম
Assamese kobita 03
.......... কবিতা.......
"মৰি মৰি জীয়াই আছো মই ,
অ ,,মই ,,, মৰি মৰি
জীয়াই আছো মই ,
অ,,,, কি জুইয়ে
জ্বলি জ্বলি বুকু মোৰ কৰিছে চাই।
জীৱনৰে নাও খন মেলি দিলো মই
কতোযে বিছাৰি পোবাই নাই ঠিকনাৰ ঠাই ,
যাকেই আপোনা বুলি লও ভাবি
সিও ওলালে চোন মেটেকা পুণি।
নিস্বাৰ্থ নি সন্দেহে প্ৰেম বিলালো
আপোন ভাবি বহু জনকে,
নম্ৰ যাত্ৰাৰে বাৰ্তা বিলালো
কথিত প্ৰবাদ ভাষাৰ টিৰে
কাৰোৱাৰ অন্তৰ আঘাত নকৰাকে।
কাৰোবাৰ সপোনক নিজৰ ভাবি
আকাশত উজ্জলাই তুলিম বুলি
সমষ্ট দায়িত্ব বহন কৰিছিলো
নিজৰ কুমলীয়া কান্ধত তুলি ।
তথাপিও কোনেও নেদেখে
কোনেও নবুজে স্বাৰ্থ হিন ত্যাগ যাত্ৰা কথা
মাথোঁ কৈ যায় তুমি আমালে আজিলৈকে
জীৱনত কৰিছা কি।
অ ,,মই ,,, মৰি মৰি
জীয়াই আছো মই ,,,
অ,,,,, কি জুইয়ে
জ্বলি জ্বলি বুকু মোৰ কৰিছে চাই।
বুকুৰ উমাল দি বহু দিন নোখোৱাকৈ থাকি
কুকুৰা জনিযে কণীৰ পৰা ফুকাই পোৱালি,
আগুৰি সামৰি দুই ঠেংঙৰে আচুৰি খাদ্য বিছাৰি খোৱাই কৰে ডাঙৰ পোৱালিক নিজৰ ভাবি
সেই পোৱালিযেও এৰি যাই সকলো পাহৰি।
সঁচাকৈয়ে জীৱনৰ কি খেলা
ভাবিলেই ভাগৰি পৰা,
বস্তুযেই হওক বা জীৱন নাই কোনো পাৰ্ঠ্যকতা
যিদিনালৈ কাম সিদিনালৈ হে দাম ।
অ ,,মই ,,, মৰি মৰি
জীয়াই আছো মই ,,,
অ,,,,, কি জুইয়ে
জ্বলি জ্বলি বুকু মোৰ কৰিছে চাই।
মিতিৰ কৰিবা বন্ধু ৰাখিবা
সুখ-দুখত সম-ভাগি হোৱাৰ আশাত
ৰং মিলিব ভংগ মিলিব তেতিয়া লৈ
স্বাৰ্থ থাকে যেতিয়া লৈ সৰ্ম্পকৰ মাজত,,,
তোমাৰ সুখত সদায় পাবা সিহঁতৰ মিঠা হাঁহি মিঠা মাত
তোমাৰ দু:খত যেতিয়াই মেলিবা সহাৰিৰ হাত
তেতিয়াই পাবা বেকা হাঁহি কেতেৰা জেঙেৰা মাত ।
খংঙত ফুলিব মনত ৰঙা ৰঙা পলাশ মদাৰ
বেদনাত ৱৈ যাব চকুৰে জৌ জৌ কৰি বৰষা বাৰিষাৰ।
অ ,,মই ,,, মৰি মৰি
জীয়াই আছো মই ,,,
অ,,,,, কি জুইয়ে
জ্বলি জ্বলি বুকু মোৰ কৰিছে চাই।
কবিতাৰ লিখাক :- বিনোদ দলৈ
ঠিকনা:- টোপাতলী,কামৰূপ,
মহানগৰ,অসম
Assamese kobita 04
................... কবিতা.............
"এজনী ধুনীয়া ছোৱালী "
কলেজৰ বাটতে
দেখিলোঁ হঠাৎতে
এজনি ধুনীয়া ছোৱালী
তাইক দেখি নাজানো কিনো হৈ গ'ল
বুকু খন ধপ ধপ কপিবৰ ল,ল
তাইক দেখি মোৰ মুখৰ পৰা
হঠাৎ ওলাই গ'ল
অ মাই গ'ড ,,O My God..
অ মাই গ'ড "O My God...
বতাহত উৰি উৰি নাচিছে
তাই ক'লা চুলি বোৰ সঘনাই
যেনে নৈৰ পাৰৰ কহুবা বিৰিণাহে
ফাগুনৰ মলয়া বতাহ পাই,
পুৱাৰ কুমলীয়া সেন্দুৰিয়া ৰঙা বেলিটি
যেন তাইৰ ৰঙা ৰঙা গাল দুখনি
তাতেই আকৌ লাগিছে বেছি শুৱনি
গোলাপ পাহি যেন দুটি ওঠৰ মিঠা হাঁহি দেখি
মই পগলা হ'লং নে বলিয়া হ'লংঙ
মুখৰ শব্দ ধৰি ৰাখিব নোবাৰিলংঙ
সেই হে কৈ পালংঙ
অ' মাই গ'ড ,O My God
অ মাই গ'ড ,O My God.
ছোৱালী জনীযে মোলৈ চাই
মাৰিলে মিঠাকৈ হাঁহি এটি তাই
ক'লে যে মোক তাই
তই বাৰু মোক পাওঁ নে চিনি
তই বাৰু মোৰ বিষয়ে জানানো কি
অচিনাকী ছোৱালীক এনেকৈ নুজোকাবি
নহ'লে চেন্দেলৰ মালা কেতিয়াবা পিন্ধিৱ পাবি
হ'ব পাৰো মই গাঁৱলীয়া ছোৱালী
নহয় কিন্তু আজলী
নকৰো ভয় কাৰোলৈকে মই
ৰ্মদান যুগৰ নাৰী যে আমি হয়।
কবিতাৰ লিখাক :- বিনোদ দলৈ
ঠিকনা:- টোপাতলী,কামৰূপ,
মহানগৰ,অসম
আশাকৰোঁ আপোনালোকে নিশ্চয়ে কবিতা কেইটা পঢ়ি ভাল পাইছে। যদি আপুনি কিবা ভূল ক্ৰুতি দেখা পাইছে তেনেতেহলে কমেন্ট যোগেদি জনাব নাপাহৰিব দেই।
কবিতা কেইটা পঢ়াৰ বাবে
🙏🙏🙏ধন্যবাদ 🙏🙏🙏🙏🙏
Post a Comment