Click adila ads

অ নবৌ মোক বিয়া পাতি দে"/অসমীয়া কবিতা/Assamese poem/Axomia Kobita/Assamese Kobita lyrics/Assamese song lyrical



             "অসমীয়া কবিতাবোৰ "

কবিতাৰ শিৰোনামা হৈছে :-

   "অ নবৌ  মোক বিয়া পাতি দে"

                           কবিতাৰ মূল ভাৱ এনেধৰণৰ এজন অবিবাহিত পুৰুষ/ল'ৰা আৰু তেওঁৰ বৌয়েক মানে ল'ৰা জনৰ ককায়েকৰ পত্নী। বৌৱেক আৰু ডেওৰেক মাজত ধেমালিৰ কিছুমান কথোপকথন। ডেওৰেকে ধেমালিৰ যোগেদি বৌৱেক তাত নিজৰ মনৰ কথা প্ৰকাশ কৰিবলৈ চেষ্টা কৰে যে বৌ মোক বিয়া পাতি দে বুলি ,তাকেই কবিতা আকাৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰা হৈছে। কবিতাটো মোৰ নিজা স্বৰচিত কবিতা হয়, আহকচোন কবিতাটি সকলোৱে মিলি জুলি পঢ়হো -


' নবৌ সদায় সহায় খাব নৰংঙ

সোদা সোদা ভাত,

জাকৈ আলি চাই 

বিয়াখন পাতি দে মোক 

জাকৈ মাৰি মাৰি খোৱাব তাই

সদায় মাছ ভাত ।

পদুমনি বিলতে গৰৈ মাছে জপিয়াই 

লগৰ ল'ৰা সকলোযে ল'লে লগৰী গতাই 

সিহঁতৰে সুখ দেখিলে মোৰ চকুলো ওলাই ।।



অ বোপাই  কৰপৰা আনি দিওঁ 

এজনী ছোৱালী মই

জাকৈ আলি চাই ,

আজিকালি ছোৱালী বোৰে দেখোন 

জাকৈ খালৈ কি চিনিকে নাপাই ।

গাৱলিয়া ছোৱালী বোৰ ও বোপাই টাউনীয়া হ'ল

খালে বিলে গৈ জাক পাতি পাতি জাকৈ মাৰি ধৰা

ৰিতি নিতি পাহৰি গ'ল,

তেনেতে অবস্থাত হঠাৎ কৰপৰানো চাই

তুৰ কাৰণে দিয়ও লগৰী গতাই,

অ বোপাই জাকৈ আলি চাই ।।



অ নবৌ ৰঙা কজলাৰ গৰুৰ পিছত ঘুৰি ঘুৰি 

নাঙলৰ মুঠিত ধৰি ধৰি 

হাল মই বাংঙ

এদিনতে এপুৰা মাটি ছহাংঙ,

খেতি ডৰাত ভূই লগাবলৈ 

ৰুৱনিহে নাপাঙ ।

অ নবৌ আনৰে বাৰিত ফুলিলে 

ঢ়েকিয়াৰ ফুল 

মোৰে হে জীৱনত নুফুলে নেকি 

কণা মদাৰ ফুল ।

অ নবৌ জৰপাৰা নহওক ৰোৱনী এজনী 

দিয়া মোক গতাই 

তেতিয়াহে কামে বনেই সহায় হ'ব 

তুৰো যে সদায়  ।।




অ বোপাই কৰে পৰা আনি দিওঁ তোক

ৰোৱা বোৱা জনা এজনী ছোৱালী চাই

আজিকালি ছোৱালী বোৰে পথাৰ ঘাটে 

বোকা পানীত যে নাযায়  ।

ইনষ্টাগ্ৰামত ফেচবুকত দিনৰ দিনটো ৰিলচ হে বনায়

নখ দীঘল চুলি দীঘল আৰু মে'কাপ লগায় ,

অ বোৱাই লক্ষিমী বোৱাৰী আজি যুগত 

বিছাৰি নাপায় 

লাগে যদি ক মডেল, হীৰইন, মিছ ইণ্ডিয়া 

যতে ততে বাটে ঘাটে পায় ।

 


কবিতাটি সম্পূৰ্ণ পঢ়িবলৈ মোক following কৰিব নাপাহৰিব /আশাকৰোঁ আপোনালোকে কবিতাটি পঢ়ি ভাল পাইছে। 


কবিতাৰ লিখাক/ বিনোদ দলৈ 



 .....এটি সঁচা কথা......


তোমাৰ ধুনীয়া চেহেৰা দেখি 

বহু জনে ভাল পাৱ বিচাৰিব ..

সুখ দেখি বহু জনে কাষ চাপিব..

কিন্ত্ত তোমাৰ মাৰ অভাৱ আৰু বিপদ

দেখাৰ পিছত বহুতে আতৰিব...


গতিকে জীৱনত স্থান আৰু কাষত

 সদায় সেইজনক হে ৰাখিৱা 

 যিয়ে তোমাৰ ধুনীয়া চেহেৰা আৰু

অৰ্থক নহয় তোমাক গোৰুত্ব দিব।


Written by Binod Doloi 



      ....দুখৰ কবিতা...


তই মোক এৰি নাজবি ঐ
মই কিদৰে জীয়াম ক ...
তুৰ অবিহনে মোৰ 
এই পৃথীৱি শূন্য ....,
চহকী মৰম পাই
মোৰে সচাঁ মৰমক 
নিদিবি দলিযাই....
তই মোক এৰি নাজাবি ঐ...
মই কিদৰে জীয়াম ক....



এই ৰঙীন পৃথীৱিৰে 
দুদিনিয়া মা্যা..
ধণ সোণে জানো 
সচাঁ মৰমৰ দিৱ 
পাৰিৱ চায়াঁ...
তই সময় কণ থাকোতে
কথাতো বুজি ল.....
নহলে পিছত তুৰ 
কান্দুতে জীৱন যাৱ
তই মোক এৰি নাজাবি ঐ.....
মই কিদৰে জীয়াম ক ...
তুৰ অবিহনে মোৰ 
এই পৃথীৱি শূন্য ....



তুমি মোৰেই
মৰমৰেই
প্ৰতিতো জনমৰেই
মোৰ মন আকাশত 
ৰাখিছো লুকুৱাই
জোন বেলি তৰা 
তোমাক সজাই
নাজাৱা আতৰি 
মোকে কন্দুৱাই
বুকুতে বিষাদৰ 
অগনি জ্বলাই
তই মোক এৰি নাজাবি ঐ.....
মই কিদৰে জীয়াম ক ...
তুৰ অবিহনে মোৰ 
এই পৃথীৱি শূন্য ....


আলাখতে হলো ডাঙৰ দীঘল আইৰ মৰমত
নাপালো বুজি বেদনা কি  এই বয়সত
ভাবিছিলো তোমাক পাই এই জনমত
সংসাৰ সকলো সুখ পালো কাষত
নাজানিছিলোঁ নাভাবিছিলো তুমি এনে কৰিবা বুলি 
মোৰ হৃদয় ভাগি খনলৈ গুছি যাবা বুলি 
তই মোক এৰি নাজাবি ঐ.....
মই কিদৰে জীয়াম ক ...
তুৰ অবিহনে মোৰ 
এই পৃথীৱি শূন্য ....





This poem Written by Binod Doloi 

www.assamesekobitabur.site.

No comments

Powered by Blogger.