অ, আকাশ আৰু মোৰ ডেকাৰ মন/ কবিতা/ Assamese kobita/O Akash /Mur Dekar Mon /Assamese poem
.........."আকাশ"...........
অ আকাশ তুমি বৰ বিশাল আকাশ
তোমাৰ বুকুত জিলিকে অগণন তৰা জাক
আৰু উৰে পখিলা ভোমোৰা অলেখ পখীৰ জাক ।
তোমাৰ বুকুতে নাচি বাগি ঘুৰি ফুৰে ডাৱৰৰ জাক
তোমাৰ সৈতে ওমলি থাকে গ্ৰহ নক্ষত্ৰৰ জাক ।
তুমি চাগে চকু মুদিলেই হয় আন্ধাৰ চৌপাশ
তুমি চাগে চকু মেলিলেই হয় পোহৰৰ চৌপাশ ।
তুমি হাঁহিলেই চাগে তৰা হৈ জিলিকে দাত
তুমি কান্দিলেই চাগে মেঘে বৰষে বৰষাৰ জাক ,
তুমি হাঁহিলে জ্বলে চাগে অলেখ জোন বেলি তৰাৰ জাক ।
তোমাৰ আঁচলতে শোই আছে
অলেখ গ্ৰহ নক্ষত্ৰ জানা
তোমাৰ বুকুতে লুকা- ভাকু খেলি
থাকে মেঘ আৰু জুন তৰা
উৰে হেলীক্প্পটাৰ উৰাজাহাজৰ আৰু
অলেখ ৰকেট তোমাৰ বুকুতে জানা ,
আকাশ তুমাৰ দেহৰ ৰং বাৰু কেনে
মই কেতিয়াবা দেখা পাওঁ নীলা
আৰু কেতিয়াবা দেখা পাওঁ ৰং তোমাৰ কলা ,
আকৌ কেতিয়াবা দেখা পাওঁ বহু ৰং
ৰামধেনু আকাৰে তোমাৰ বুকুতে জানা ।
অ আকাশ তুমি বৰ বিশাল আকাশ
অ আকাশ তুমি নীলিম আকাশ।
অ আকাশ তুমি নীলিম আকাশ
কি নাম দি মাতিম তোমাক
আকাশ নে গগণা নে নীলিম নে শুকুলা আকাশ।
কেতিয়াবা দেখা পাওঁ তোমাক ৰূপালী ৰূপত
কেতিয়াবা আকৌ দেখো শুকুলা বৰণত ,
কেতিয়াবা আকৌ দেখা পাওঁ নীলিমা ৰংঙত
কেতিয়াবা আকৌ দেখো তিবিৰ তৰাৰ মাজত।
অ আকাশ তুমি বৰ বিশাল আকাশ
অ আকাশ তুমি নিলিম আকাশ
তোমাৰ বুকুতে জিলিকে অগণন তৰাৰ জাক ।
Written by Binod Doloi
No 2 Poem ....কবিতা...
..........."মোৰ ডেকাৰ মন".........
পাখি মেলি উৰে মন
বুলিও নুবুজে মন
পাখি মেলি উৰে মন
উৰি উৰি যায় মন ।
মোৰ ডেকাৰ মন
পিছলে ঘনে ঘন
উৰিব খোজে মন
ধুনীয়া ছোৱালী যাকেই দেখো
তাইকে লাগে ভাল
এইয়াই নেকি বাৰু যৌৱন কাল ।
গাভৰু মন
পিছলে ঘনে ঘন
উৰিব খোজে মন
ধুনীয়া ল'ৰা
যাকেই দেখো
তাকেই লাগে ভাল
এইয়াই নেকি বাৰু যৌৱন কাল।
ৰঙীন ৰঙীন লাগে দেখোন
প্ৰতিটো ক্ষিয়ন ,
অলেখ সপোন ভাহে দেখোন
উজাগৰি মণ ।
ৰঙীন ৰঙীন লাগে দেখোন
প্ৰতিটো ক্ষিয়ন
অলেখ সপোন ভাহে দেখোন
উজাগৰি মণ ।
মনৰে সাগৰত অলেখ ঢৌ তুলিলে
বিছাৰি কাৰোবাৰ সঁচা মৰম পাবলে ,
আমনি কৰে আহি বাবে বাৰে
আমনি কৰে আহি বাবে বাৰে ।
ইকাটি সিকাটি কৰি
উজাগৰে যায় ৰাতি
অচিনা ভাবনাই আহি
কৰে হি আমনি ...।
ইকাটি সিকাটি কৰি
উজাগৰে যায় ৰাতি
অচিনা ভাবনাই আহি
কৰে হি আমনি ....।
কামে বনেই একোতেই দেখোন নবহে মন
কিয় বাৰে বাৰে কপিছে মোৰ বুকু খন ,
আমনি কৰে আহি বাবে বাৰে
আমনি কৰে আহি বাবে বাৰে ।
Written by Binod Doloi
www.assamesekobitabur.site
Post a Comment