"এই মাই" অসমীয়া কবিতা।Assamese kobita lyrics/Song Lyrics। Assamese poem/Asomiya kobita
""কবিতা """
কবিতাৰ শিৰোনামা :- " এ মাই "
এই কবিতাটি মোৰ নিজৰ স্বৰচিত কবিতা। কবিতাটি অলপ ধেমেলীয়া ধৰণৰ। এজন তিৰিশ (৩০) বছৰ মান বয়সৰ ল'ৰা আৰু শতটোৰ (৭০) বছৰৰ এজনী বৃদ্ধ মা'ক । কবিতাটিত মাকে পুতেকক বিবাহ পাতিবলৈ নিৰ্দেশ দিয়ে আৰু পুতেকে মাকক তাৰ সম্যসা আৰু বেথা বোৰ মাকক অবগত কৰাৰ কথাখিনি কবিতা আকাৰে লিখিছোঁ । কবিতাটোৰ ভাষাবোৰৰ অসমীয়া আৰু অসমীয়া ভাষাৰ উপ-ভাষা যেনে নামনি অসমৰ কথাৰ সুৰত বিষেশ কৈ নলবাৰী বৰপেটা ফালৰ কথা কোৱা সূৰক সংযোগ কৰা হৈছে। আশাকৰোঁ আপোনালোকে কবিতাটি পঢ়ি ভাল পাব।
কবিতাৰ শিৰোনামা হৈছ. :-''এ মাই"
কবিতা (Assamese kobita lyrics )
...... ল'ৰা....
বিয়া পাতাৰ কথা নকবি এ মাই
ভাবিলেই মোৰ দু:খেই লাগি যাই
বিয়া পাতবাৰ ছোৱালী এ মাই
বিছাৰি পাবলৈ যে নাই ,
আজিকালিৰ ছোৱালী এ মই
ষোল্ল বছৰ নহঙতে বুকিঙ হৈ যায়
জাকেই চাবি তাকেই দেখবি এ মাই
চাৰি পাঁচটা বয়ফ্ৰেন লগত ঘুৰা দেখা যায়।
..............মাক.............
বয়স তুৰ থাকঙতে
বিয়াখন পাত কংঙতে
নোশুনচিলি বুঢ়িৰ মাৰে-ৰ কথাকে যে তই
সেইবিলাক মই নাজানংঙ
একো মই নুবুজংঙ
জৰপাৰা নহওক বোহাৰি এটা লৈ আহ তই্
শুনচনা মৰাতো তই
জৰপাৰা নহওক বোহাৰি এটা লৈ আহ তই্
........... ল'ৰা............
ৰাস্তাই ঘটে ফুৰংঙতে এ মাই
লগৰবোৰে বৰলাকাই বুলি হে জোকাই
এই মাই.....,
চুলি পকবা ধৰছে চোন
দাড়ি পকবা ধৰছে চোন এ মাই
ভাবি ভাবি ঘুমতি নাযায়
এ মাই কিবা এটা কৰ এই মাই
ভাবি ভাবি মোৰ টুপনি নাজায এই মাই
...... ......মাক........
সেই বিলাক মই নাজানোংঙ
একো মই নুবুজংঙ
জৰপাৰা নহওক বোহাৰি এটা লৈ আহ তই্
শুনচনা মৰাতো তই
জৰপাৰা নহওক বোহাৰি এটা লৈ আহ তই্
............ ল'ৰা..........
মনে খাইচিলংঙ এজনীক
বহু দিন ভাল পালংঙ সেই জনীক
এই মাই........
পিছত হে জানিলংঙ
ছোৱালী নহয় বোহাৰি হে তাই
এই মাই.....
নাতি লগত খেলবলে
বোহাৰি হাততেই খাবলে
এই মাই......
আশা আশা আশা পালি একো লাভ নাই
এই মাই..........
কবিতাৰ লিখাক /বিনোদ দলৈ
https://www.assamesekobitabur.site
.........২ময়............
কবিতাৰ শিৰোনামা হৈছে:-
"কাৰ্বি আলংঙ গৈছিলো"
(Assamese kobita lyrics/Song Lyrics)
এই কবিতাটি মোৰ নিজৰ স্বৰচিত কবিতা।
এই কবিতাটি যোগদি মই এজন ল'ৰাৰ এটী দুখভৰা কাহানিৰ বিষয়ে কবলৈ বিছাৰিছো। কবিতাটোত এজন ল'ৰা কাৰ্বি আলংঙ ফুৰিবলৈ যাওঁতে এজনী ছোৱালী প্ৰেমত পৰে , ল'ৰা জনে ছোৱালী জনিক তাইৰ ঘৰত গৈ বিবাহৰ প্ৰস্তাৱ দিবলৈ গৈ যিটো অৱস্থাৰ সৃষ্টি হৈছিল তাকেই লগৰ জনক আহি কৈ থাকে ।
........... কবিতা.........
কাৰ্বি আলংঙ গৈছিলংঙ
বগী আপি চাইচিলংঙ
মনে বিচাৰা জনীক
পাইয়ে গলংঙ,
তাইৰ মাকেও নিদিয়ে
তাইৰ বাপেকেও নিদিয়ে
দা লৈ হে পিছে পিছে মোকে খেদে
অ বন্ধৈয ঐ......অ বান্ধৈ ঐ
দা লৈ হে পিছে পিছে খেদে।
বগী ছোৱালীয়ে খাই দিলে কলিজা
পাহৰিব নোহোৱাৰংঙ মৰমৰে জয়া
কাৰ্বি পাহাৰৰে আছিল তাই বৰ ধুনীয়া ,
আজিও মনত পৰে বান্ধৈ পুৰণি কথা
অ বান্ধৈ ঐ .......অ বান্ধৈ ঐ
আজি ও মনত পৰে পুৰণি কথা।
কাৰ্বি আলংঙ গৈছিলংঙ
বগী আপি চাইচিলংঙ
মনে বিচাৰা জনীক
পাইয়ে গলংঙ,
তাইৰ মাকেও নিদিয়ে
তাইৰ বাপেকেও নিদিয়ে
দা লৈ হে পিছে পিছে মোকে খেদে
অ বন্ধৈয ঐ......অ বান্ধৈ ঐ
দা লৈ হে পিছে পিছে খেদে।
কিবা খংঙ উঠিব
মেথা গৰম হ'ব
পলুৱাই লৈ যাম তাইক
নিলাজ পাহাৰত,
ঘৰ সাজি থাকিম
বনৰে মাজত
আতঁৰি থাকিম বান্ধৈ
সমাজৰ পৰা দুৰত
অ বান্ধৈ ঐ অ বান্ধৈ ঐ
কাৰ্বি আলংঙ গৈছিলংঙ
বগী আপি চাইচিলংঙ
মনে বিচাৰা জনীক
পাইয়ে গলংঙ,
তাইৰ মাকেও নিদিয়ে
তাইৰ বাপেকেও নিদিয়ে
দা লৈ হে পিছে পিছে মোকে খেদে
অ বন্ধৈয ঐ......
দা লৈ হে পিছে পিছে খেদে।
কবিতাৰ লিখাক /বিনোদ দলৈ
https://www.assamesekobitabur.site
FAQ
বিনা অনুমতিত কবিতা /গীত কেইটা কেইটা ব্যৱহাৰ নকৰিব । যোগাযোগ কৰিহে ব্যৱহাৰ কৰিব।
যদি কাৰোবাৰ কিবা পৰামৰ্শ দিব লগা থাকে, তেনেহলে মোক জনাব।
E-mail 📩 binoddoloi143@gmail.com
Post a Comment