Click adila ads

আজিকালি ল'ৰা ছোৱালীৰ ফেশ্বন। হাস্যমধুৰ কবিতা। ৰোমান্টিক কবিতাৰ। Assamese kobitabur । Assamese poem. Axomiya kobita lyrics

 

.............✒️✒️ কবিতা✒️✒️.................

"আজিকালি ল'ৰা ছোৱালীৰ ফেশ্বন" নাম কবিতাটোৰ বিশ্লেষণ । কবিতাটো মোৰ নিজা স্বৰচিত। কবিতাৰ ভাব বোৰ আজি আধুনিক যুগৰ কিছু বাস্তৱ জীৱনৰ ওপৰত লিখা হৈছে। আজিকালি প্ৰায়ে ল'ৰা ছোৱালীক পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি ঢাপলি মেলা দেখা গৈছে। অসমৰ ইমান ধুনীয়া সাজপাৰ আৰু সংস্কৃতি থকাৰ পাছতো বেলেগ সংস্কৃতি আৰু সাজপাৰ আকোঁৱালি লোৱা দেখা যায়। নতুন দিনৰ নতুন যুগৰ নবীন সৃষ্টিক আকৰ্ষণ বা আদৰি লোৱাটো বেয়া বুলি গণ্য কৰা নাযায় ,যদি হে আধুনিকতাৰ নামত উলংগ সংস্কৃতি নহয় । ফেশ্বন বোলা শব্দটো বা ফেশ্বন কৰাৰতো বেয়া নহয়, যদি হে তাৰ উচিত স্থানত উচিত মানদণ্ড দিব জনা হয়। আমাৰ এচামে আকৌ ফেশ্বন নামত বহুতেই উৎভন্দালি কৰা দেখা যায়। তাকেই ধেমালিৰ আকাৰে কবিতাটোৰ মাজেৰে অলপ ভাব প্ৰকাশ কৰা চেষ্টা কৰিলো। আহকচোন কবিতাটি পঢ়হো আৰু কেনে পালে কিবা ভুল বা দাই দুখ পালে মনৰ কথা প্ৰকাশ কৰিবলৈ একেবাৰে নাপাহৰিব দেই।



আজি কালি ল'ৰা ছোৱালীৰ ফেশ্বন। 


অ ভন্তি চাল নিদিবি 

ভন্তি লেবেল নিদিবি

মে'কাপ পাউদা ঘহিলেহে বিউটিফুল তুমি।

ফেচবুক ইনষ্টাগ্ৰামত লাইক নাহে বেছি।

যেতিয়ালৈ নুথা বিউটি কেমাৰত

ফটো যে তুমি।

অ ভন্তি বিউটি কেমেৰাত ফটো যে তুমি ।






অ দাদা  ইষ্টাইল নিদিবি ।

অ দাদা  লেবেল নিদিবি ।

নাথাকে পকেটত পইচা তহতৰ

বাইকত ভৰাবলে তেল ।

আনৰ আগত আকৌ মাৰি ফুৰা 

মুকেশ আন্বানিৰে লেবেল ।

অ দাদা 

মুকেশ আন্বানিৰে লেবেল  ।






অ ভন্তি বেছি ধুনীয়া হৱলৈ 

ক'ত যে কি কি ঘহিচা তহতে কেমিকেল

অ ভনীটি ক'ত যে কি কেমিকেল...

তথাপিও দেখোঁ ওলাইচে ভন্তি

মুখত তোমাৰ এখোপা মান পিমপল...

আৰু বেছি নঘহিৱা ভনী টি কেমিকেল

নহেল দেখাত লাগিৱ সাইলাস ৰাণু মন্ডল...।






অ দাদা 

ঘৰ চাগে কিজানি ধুকুনাৰে বেৰ 

বাহিত আকৌ মাৰা হিৰুৰ দৰে ফেৰ

জিনচ্ পেন আকৌ পিন্ধা দাদা 

কমৰৰ পৰা যাই তললে নামি

এনে লাগে যাবযেই যে খুলি

চুলিও আকৌ ৰাখা দীঘল দীঘল কৰি

লৰা নে ছোৱালি ধৰিৱকে যে নোৱাৰি ।






অ ভন্তি চাল নিদিবি

অ ভন্তি লেবেল নিদিবি 

ইষ্টাইল ফেশ্বন কৰাৰ নামত

দেহত নোহোৱা হৈছে যে কাপোৰ তহতৰ

আৰু কিমান তললৈ নামিবি ভন্তী ফেশ্বনৰ নামত

নাৰী জাতিক কলংকিত নকৰিবি তুমি 

লজ্জিত নকৰিবা নিজ আই পিতাইক তুমি 

ফেমাচ যদি হ'বৰ মন হোৱা হীমা দাস হোৱা লাভলীনা

আমিও বা বা কৰিম গাম তোমাৰ সদাই জয় গান 

তেতিয়া হে গাব সকলোবে তোমাৰ জয় গান।






অ দাদা ইষ্টাইল নিদিবি

অ দাদা লেবেল নিদিবি 

ইষ্টাইল দেখাই বিৰি চিগাৰেট খায় 

কৰিছা কিয় কলিজা হাওঁফাওঁ ফেইল

পাৰ্টি নামত ফেশ্বন দেখায় মদ ভাং খায়

কৰিছা কিয় লিভাৰ কৃডনি ফেইল ।

ভাল কাম কৰা ভাল নাম কৰা

মা দেউতাৰ নাম উজ্জলাই তুলা

তেতিয়া হে গাব সকলোবে তোমাৰ জয় গান 

তেতিয়া হে গাব সকলোবে তোমাৰ সদাই জয় গান .....।



Written by / ✍️Binod Doloi 



  কবিতা 

"ৰৈ ৰৈ চোৱা তুমি "কবিতাটি মোৰ নিজৰ স্বৰচিত কবিতা হয় । কবিতাৰ মাজেৰে এজন ল'ৰাৰ মনত নিজৰ ভাল লগা প্ৰেয়সী জনিক প্ৰশ্ন কৰা চলেৰে নিজৰ মনৰ কথা প্ৰকাশ কৰিবলৈ চেষ্টা কৰা হৈছে।যেতিয়া প্ৰথম কাৰোবাক ভাল লাগে তেতিয়াই যদি ভাল লগা প্ৰেয়সী জনিযে লাজে লাজে জুমি জুমি চায় তেতিয়া যি ভাব উৎপন্ন হয় তাকেই বুজাবলৈ চেষ্টা কৰা হৈছে। আহকচোন কবিতাটি পঢ়হো।

.......ৰৈ ৰৈ চোৱা তুমি ..........


  ৰৈ ৰৈ  কিযনো                                           চোৱা তুমি ইমান  কৈয..।
                জুমি জুমি মোলৈ.....॥


তোমাৰে চাওনি যেন 
           বন হৰিণি ..।
                  তোমাৰে হাঁহিটি যেন 
                        আকাশৰ বিজুলি....॥

   তোমাকে দেখা দিন ধৰি
        তোমাৰ কথাকে ভাবি ভাবি..।
          তোমাৰে কল্পনাত ডুবি ডুবি
             নাহে মোৰ দুচকুত নিশা টুপনি॥

আহে আহে ভাহি আহে  
           তোমাৰে ছবিখনি মনতে ভাহি...।
               যিদৰে আহে ভাহি 
                      পুৱৰে ৰঙা ৰদালি......॥

   দিন যাই ৰাতি যাই 
           যুগ যুগ পাৰ  হৈ যায়  ....। 
              তোমাৰ ভাবনাবোৰ মোৰ হিযাত 
                   কোনো হেজাৰ শতিকা পাৰ  হৈ 
                               গলে ও শেষ নাই...॥
                                                                          
                                                                      
                                                                        
                                                                   কবিতা লিখিক ✍️ Binod Doloi




                 ৩/ কবিতা
কবিতাৰ নাম হৈছে "অজানিতে হৈ গ'ল" কবিতাটিত এজন স্বামীয়ে তেওঁৰ পত্নীৰ লগত বিবাহপাশত আৱদ্ধ হোৱাৰ আগতে যিবোৰ কাহিনী হৈছিল তাকেই ধেমালিৰ আকাৰে কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰে হৈছে।

"অজানিতে হৈ গ'ল"

নিগনিলৈ বুলি পাতিলো ফান্দ্ 

ফান্দ্ত লাগিলে চিকা 

প্ৰেমৰে ফৰমত দাল

মাৰিলো কাৰুৱালে বুলি 

সৰি আহিল আন‌ কোনোৱা ...।

মনে বিছৰা জনিক নাপালোং

সপোন বোৰক জীযাই জীয়াই জ্বলাই দিলং

তুকেহে বিয়াখন পাতিলৈ মই

জীৱনতো কৰি দিলোঙ তহিলংঙ।




হাই ঐ .মোৰে.সোণামোৱা 

মিচা প্ৰেমৰ জাল পাতি পাতি 

কিমান জনিৰ লগত খালি চেনি 

বহুতকে চাগে তই ৰাম ঠগন দিলি

মোকো ভাবিছিলি ছাগে তই

ঠগিব পাৰিম বুলি

গাওঁৰে ছোৱালি আজলি হৰিণি দেখি

এটিযা হে চিনিচা তই 

আজলি হৰিণি নহয় মই

তুৰ কাৰণে ওলালো বাঘিনী মই

বাপেকে ওলালো ঐ বাঘীনি জনি মই। 





হা ঐ মোৰে মইনা জনি

দুৰৈ পাহৰ দেখি লাগে ভাল

ওচৰ পালে হয মহাকাল

তোমাকো দুৰৈ পৰা দেঁখি 

লাগিছি মোৰে  ভাল 

নাজানিছিলোঁ হবি তই মহাকাল

এতিয়া হে মই বুজিলো

এতিয়া হে মই জালিলো

হৰিণাই চলেকিলে বাঘৰ গাল ।




জীৱনতো হৈছে এখন মায়াৰ খেল

কিয়নো পাতা আনৰ অন্তৰত 

মিছা প্ৰেমৰে মেল

আনলে বুলি পুতিলে হুল 

নিজৰ ভৰিত বিন্ধিব হুল ,

যেনে কৰ্মৰ তেনে ফল

এইবোৰ সকলো নিযতিৰ খেল 

নিজকে তই বুজি লহ 

আনৰ কথা‌ এৰি 

মোকে নিজৰ বুলি ভাবি লহ

বিয়া বাৰু নহয় শৈশৱ কালতে খেলা 

দৰা কইনাৰ খেল....।



সকলো মই জানিলং 

নিজকে মই বুজিলং

আহা আমি দুয়ো মিলি 

সুখে দুখে  হাততেই হাত ধৰি

যাওঁ আগোৱাই 

দুখৰ কাল ধুমুহাক নেউচি 

মিলি জুলি যাম সদায় 

দুয়ো এক হৈ থাকিম আমি সদায়।





Written by / ✍️Binod Doloi

www.assamesekobitabur.site


আশাকৰোঁ আপোনালোকে কবিতাকেইটা পঢ়ি ভাল পাইছে , আৰু এনেধৰনৰ কবিতা পঢ়িবলৈ মোক ফআ কৰিব নাপাহৰিব। আপোনালোকৰ যদি কিবা আপত্তি বা কিবা পৰামৰ্শ দিব বিচাৰে বা ভুল ক্ৰুতি দেখা পাইছে তেনেতেহলে জনাব নাপাহৰিব দেই ৰাইজ।

.......ধ‌ন্যাবাদ....🙏🙏🙏🙏🙏🙏🙏




No comments

Powered by Blogger.