কবিতা/ "প্ৰেমৰ অনুভূতি মিঠা মিঠা "/অসমীয়া প্ৰেমৰ কবিতা /Premor Onubhiuti Mitha mitha /Assamese love poem/
কবিতা/ "প্ৰেমৰ অনুভূতি মিঠা মিঠা "/অসমীয়া প্ৰেমৰ কবিতা /Premor Onubhuti Mitha Mitha/Assamese love poem/
ফুলি ৰোৱা তুমি এপাহী ৰঙা গোলাপ হৈ
নাচি ৰোৱা তুমি মোৰ তেজে তেজে ৱৈ
জ্বলি থকা তুমি আকাশতে এটি ৰ'দালি হৈ
প্ৰতিতো নিশাত পোহৰ সিচিবা তুমি জোনালি হৈ ।
ভাৱিলে জাগে হৃিদয়ত তোমাৰ কথা
ভালপোৱাৰ অনুভূতি মিঠা মিঠা ......
ভাবিলে জাগে কলিজাত তোমাৰ কথা
প্ৰেমৰ অনুভূতি মিঠা মিঠা .....॥
তুমি মোৰ কবিতাৰ ছন্দ হোৱা
প্ৰতিতো গানৰ তুমি সুৰ হোৱা
প্ৰতিতো ভাষাৰ তুমি মিঠা শব্দ হোৱা
শৰতৰ আকাশত জলি থকা তৰা হোৱা....।
তুমি সুগন্ধী বিলোৱা মোৰ প্ৰতিতো
অংগে অংগে নিশাৰ এপাহি ৰজনীৰ ফুল হোৱা
ভাৱিলে জাগে হৃিদয়ত তোমাৰ কথা
ভালপোৱাৰ অনুভূতি মিঠা মিঠা ....
ভাবিলে জাগে কলিজাত তোমাৰ কথা
প্ৰেম অনুভূতি মিঠা মিঠা .....॥
বাৰিষাৰ তুমি ৰিম জিম বৰষা হোৱা
হৃিদ্য়ৰ কোণে কোণে তুমি উষাহৈ বোৱা..
বিশাল গভীৰ নীলা সাগৰ দৰে
তুমি মোৰ কলিজাৰ কুহুে কুহুে
পিৰিতিৰ ঢৌ টোলা
ভাৱিলে নিজানত বহি তোমাৰ কথা
পিৰিতি জাগে হিয়াত মিঠা মিঠা ....
ভাবিলে জাগে কলিজাত তোমাৰ কথা
প্ৰেম অনুভূতি মিঠা মিঠা .....॥
কবিতাৰ লিখক : বিনোদ দলৈ
Post a Comment