"প্ৰভাত"/কবিতা /"Prabhat"/Assamese poetry /Morom Loi/Assamese poem/মৰম লৈ/প্ৰেমৰ কবিতা/অসমীয়া কবিতা /Assamese kobita,
কবিতাৰ নাম
"প্ৰভাত"
শুই উঠি
দুচকু মেলি
খিৰিকী ফাঁকে চাই
দেখিলোঁ প্ৰভাতৰ ৰঙা বেলি।
ৰঙা বেলিৰ হেঙলি আভায়ে
মোৰ এলাহক দুৰণিত দিলে ঠেলি
তাতে আকৌ মায়ে মোক দিলে
আদা দি বনোৱা ৰঙা চাহ
এপিয়লা হাতত তুলি.....।
লগে লগে চালো সন্তেক কিতাব মেলি
মন গল হঠাত্ ওলাই দিলো
পথেৰে খোজ কাঢ়ো বুলি
বাঃ কি মনোমোহা দৃশ্য !
পথৰ দুই কাষে ৰঙা ৰঙা আছে
ডালে ডালে শিমলু ফুলি.......।
আছে ক্ষীণ চেঁচা চেঁচা
বিশুদ্ধ বতাহ এজাক বলি
দুৱৰিৰ কপালত জিলিকিছে
নিয়ৰৰ মুকুটা-মনি
শুই থকা পথৰ ধূলিকণাই ও
ভৰিৰ খোজৰ শব্দত সাৰ পাই
চাৱলে ধৰিছে লাহে লাহে চকু মেলি
আগলি বাঁহত জিৰণি লৈ থকা
বগলী জাকেও এৰিছে শুৱা পাতি
উৰিলে বিলৰ মুখি হৈ
খাদ্যৰ সন্ধান বিছাৰি ...।
কিছু দুৰ্ গৈ দেখিলো নৈ পাৰে পৰে
শুকুলা বৰণীয় কহুৱা বন আছে
হালি জালি ফুলি
নিৰৱে আপোন মনে
আপোন পথত ৱৈ থকা নদীখনিও
দিনবন্ধুৰ পৰশ পায় উঠিছে নাচি
জিলিকি জিলিকি ঢৌ তুলি তুলি....।
গোহালিৰ গৰু জাকেও মুকলি পথাৰলে
কৰিছে আগমন লাহে লাহে কৰি
পখিলা-ভূমুৰা জাকেও উৰিছে
ফুলে ফুলে মৌ বিছাৰি
বাঃ কি মুগ্ধকৰ দৃশ্য !
পুৱতিৰ ক্ষিন বিশুদ্ধ বায়ু
শান্ত আৰু শান্তিৰ পৰিবেশ
মই সুখী সচাঁকৈয়ে সুখী
পৃথিৱীৰ এনে ৰূপ দেখি....।
কবিতাৰ লিখক : বিনোদ দলৈ
Post a Comment