Click adila ads

বহাগী কপৌফুল পাহি /Bohagi Kapou pahi /Assamese kobita/নিষ্ঠুৰ ধুমুহা/Nisthur Dhumoha/Assamese poetry/Assamese kobita/

 


Assamese kobita / Bohagi kapouful pah"

অ বহাগী কপৌফুল পাহ,

কিয় তুমি ইমান মৰম লগা ?

তোমাক দেখি মোৰ মনটো 

উৎফুল্লিত হৈ উঠে জানা , 

যাক মই কাৰোকেই প্ৰকাশ কৰিব নোৱাৰা

এটি বহু ডাঙৰ বেথা....।


পচুৱা বতাহ জাকে আহি 

গছ-বননিৰ পুৰণি বস্ত্ৰক পেলালে খুলি 

বসন্তৰ ৰঙীলি বহাগী জনিয়ে আহি 

নগ্ন বিৰিষক সেউজী পোছাক পিন্ধাই 

কৰিলে প্ৰাকৃতিক শুৱনি।



ডালৰ ফেৰেঙণিত ফুলা 

কৌপৌ ফুল পাহ দেখি

"বহাগ"বহাগ লাগি যাই মন বননি 

ঘুনুক-ঘানাকৈ চৌপাশে শুণো

ধেপাঁহ ঢোলৰ শব্দৰ গুম গুমনি..।


বহাগী তুমি অহাৰ পাই বাতৰি

অশুষীযা দেহাৰো সুস্থ হোৱাৰ

জাগ্ৰত হয অনুভূতি .,

তুমি আহিছা বুলিযেই 

কুলি চৰাই জনিযেওঁ

চিঞৰি চিঞৰি শুৱলা গীত গাই,

বৰদৈচিলা হৈ মলয়া বতাহ জাকে

চৌপাশে তোমাৰ সুৱাস চতিয়াই ॥



কবিতাৰ লিখক :-নিজৰা 




Assamese poetry /Assamese kobita 

Nisthur Dhumuha /নিষ্ঠুৰ ধুমুহা/অসমীয়া

কবিতা


 নিষ্ঠুৰ ধুমুহা হঠাৎতেই তুমি কিয় আহিলা

 গছৰ আগলি ডালত উলমি ওলমি থকা 

টোকোৰা চৰাইৰ বাহ কেইটাক 

 নিমিষতে ভাগি ধবংস কৰি দিলা!


ওৰেতো দিন ৰাতি একাকাৰ কৰি 

সাজি তুলিছিল এপদ এপদ কৰি 

খেৰ কুটা আনি এখনি মৰমৰ ঘৰ 

সেই ঘৰখনিতে জন্ম লৈছিল কণি ফুটি 

ক'ণ ক'ণ পানীকেচুৱা দুটি পোৱালী

সিহঁতে দেখাই নাছিল জনাই নাছিল 

পোহৰ কি ৰং কি এই পৃথিৱি কি ?

নিষ্ঠুৰ ধুমুহা হঠাতে তুমি কিয় আহিলা ।


নিঃসহায় টোকোৰা চৰাই জনিৰ চকুৰ আগতেই

বাহঁটিৰ সৈতে পোৱালি দুটিক নিলা উৰুৱাই

অসহায় বেচেৰি মা অপ্ৰাণ চেষ্টা কৰিও নোৰিলে 

দুটি সন্তানক বচাৱ......

নিষ্ঠুৰ ধুমুহা হঠাতেই তুমি কিয় আহিলা ।


নিষ্ঠুৰ ধুমুহা তুমি এবাৰো ভাবি নাচালা 

সেই নিৰিহ টোকোৰা চৰাই জনীৰ মনৰ বেদনা

কি দৰে সহিছে সেই অবাঞ্ছনীয় বিষাদ বেদনা

হেজাৰ সপোন বুকত বান্ধি জন্ম দিছিল  

সেই কণমানি দুটিক

নিষ্ঠুৰ ধুমুহা তুমি সিহঁতৰ জীৱনত 

কাল শণি ৰূপ কিয়  ধৰিলা!

নিষ্ঠুৰ ধুমুহা হঠাতেই তুমি কিয় আহিলা ॥




poetry written by :-

Nijara Knowar Doloi




Assamese kobita / Bohagi kapouful pah"



অ বহাগী কপৌফুল পাহ,
কিয তুমি ইমান মৰম লগা ?
তোমাক দেখি মোৰ মনতো 
উৎফুলিত হৈ উথে জানা , 
যাক মই কাৰোকেই প্ৰকাশ কৰিব নোৱাৰা
এটি বহু ডাঙৰ বেথা....।


পচুৱা বতাহ জাকে আহি 
গছ-বননিৰ পুৰণি বস্ত্ৰক পেলালে খুলি 
বসন্তৰ ৰঙীলি বহাগী জনিয়ে আহি 
নগ্ন বিৰিষক সেউজী পোছাক পিন্ধাই 
কৰিলে প্ৰাকৃতিক শুৱনি।



ডালৰ ফেৰেঙনিত ফুলা 
কৌপৌ ফুল পাহ দেখি
"বহাগ"বহাগ লাগি যাই মন বননি 
ঘুনুক-ঘানাকৈ চৌপাশে শুনো
ধেপাঁহ ঢোলৰ শব্দৰ গুম গুমনি..।
বহাগী তুমি অহাৰ পাই বাতৰি
অশুষিযা দেহাৰো সুস্থ  হোৱাৰ 
জাগ্ৰত হয অনুভূতি .,


তুমি আহিছা বুলিযেই 
কুলি চৰাই জনিযেওঁ 
চিঞৰি চিঞৰি শুৱলা গীত গায়,
বৰদৈচিলা হৈ মলয়া বতাহ জাকে
চৌপাশে তোমাৰ সুবাস চতিয়াই ॥



কবিতাৰ লিখক :-নিজৰা 

No comments

Powered by Blogger.