কবিতা "মেঘৰ বৰষা "/Megh Barakha/ Assamese kobita /Assamese poem/তুমি মোৰে বহনা/কবিতা /Tumi mure bohana /Assamese poetry
কবিতা
"মেঘৰ বৰষা "
মেঘৰ বৰষা তুমি
ক'তেনো হেৰালা ?
মেঘৰ বুকুৰ দলিচাত
মই তোমাক বিচাৰি
হৈ ফুৰিছো পগলা!
মন তৃপ্ত আকাশে
কতেনো তোমাক লুকাই ঠলে ?
তুমি হেৰাই যোৱাৰ বেদনাত
মোৰ চোতালত হেৰাল
আলফুলীয়া জোনাক...
এন্ধাৰ পথত ধুলিৰ উৎপাতনিত
পথৰ কাখৰ বিৰিষৰ বন্ধ হৈছা নাক ...।
কচুৰ পাতত তুমি জিলিকিছা
আকাশৰ জোন সদৃশ হৈ
পৃথিৱীৰ হৃদয়ত কোটি কোটি
টুপাল সৰি একত্ৰিত্ত হৈছা
নদ-নদীৰ ৰূপ লৈ ...।
ধুৱাময় কুৱলীও তোমাৰ স্মৃতি দিয়ে
মকৰাৰ জালত জুলনা খেলি
বতাহৰ লগত হাঁহি ধেমালী কৰি
নিয়ৰ ৰূপেৰে উৰি আহি
দুৱৰিত জিলিকা তুমি
তোমাৰ পৰশ পালেই
সজীৱ হয় কুমল ঘাঁহনি..।
মেঘৰ বৰষা তোমাৰ অবিহনে
শুকাৱ ধৰিছে নদ নদীৰ বৌৱতি বুকুখনি..
ৰৈ আছে তোমালৈ বাদ চাই
শাওণৰ পথাৰ খনি...
দুচকুত অলেখ সপোন ৰছি
আছে জলত জল-জীৱ
এখনি সংসাৰ গঢ়িম বুলি...।
বৰ ভেকুলী জনিও
চপৰা মাটিৰ তলত ৰৈ
তোমালৈ কৰি বিননি
আছে সদাই আশাৰ বাতৰি পাবলৈ..।
তুমি আহিলে মুৰ দাঙি
আকাশখন চাও বুলি
ৰৈ আছে লেৰেলি পৰি
থকা কলমৌ বননি..।
গাতৰ ভিতৰত ৰৈ
কাবৌ কাকতি কৰি আছে
আধামাৰ কেকোৰা জনি..
মেঘ বৰষা তুমি
কেতিয়ালৈ আহি
কৰিৱা মোৰ পথ মুকলি..
জন্তুৱে কামুৰি টকলা কৰা ঘাঁহনি
ৰ'দৰ তাপত টপা হোৱা গছৰ ডালি
চেদেলি ভাদেলি হৈ পৰি থকা চপৰা মাটি
কিয়নো নুশুণা ইহঁতৰ কৰুণ বিনণি
মেঘেৰ বৰষা কিয়নো হোৱা ইমান নিষ্ঠুৰ তুমি.....। .........
কবিতাৰ লিখক :- নিজৰা দলৈ
আৰু
( বিনোদ দলৈ)
"কবিতা"....
.....…......তুমি.বহনা........
ৰাখিছো বুকুত তোমাকে বহনা
হিয়াৰ কোণত সাঁচিছো মৰম এসোপা ,
ভাবিলে তোমাক বাঢ়ে পিৰিতি মোৰে ঐ বহনা
দুচকুত ৰাখিছো তোমাৰে ছবি তুমিতো নাজানা ।
ৰাতি ৰাতি সপোনত আহি টোপনি ভাঙিছা
বুকুত জ্বলিছে বিৰহৰ অগনি নুমাৱ নোৱাৰা ,
যদিও তুমি দুৰে দুৰে আছা আতৰি
তথাপিওঁ দেখোঁন তোমাৰ ভাৱনায়ে কৰে বৰকৈ আমনি।
বুজাৱ নোৱাৰু তোমাক মনৰ কাহানি
লিখৱও নোৱাৰু মই ভাষা নাপাও বিছাৰি,
হবা জানো তুমি এই জীৱনত মোৰে জীৱন লগৰি
পালি ৰাখিছো মনত অলেখ আশা দিন গনি গনি ।
মনৰে কামনা বাসনায়ে কৰে বৰকৈ আমনি
তোমাকে বিছাৰি বিছাৰি দেহত কৰে পিৰ-পিৰনি ॥
কবিতাৰ লিখক :বিনোদ দলৈ
*বৰষা তুমি*
ডাৱৰ ফালি নামি আহা অ' বৰষা
মৰমেৰে ভিজাই দিযা মোৰ দেহা অ' বৰষা ।
বাৰিষাৰে বান হৈ মৰম দিযা অ' বৰষা
তুমি নদি হোৱা তুমি সাগৰ হোৱা অ' বৰষা ॥
টুপাল টুপাল কৈ নামি আহা অ ' বৰষা
কুঁহি পাতে পাখি মেলে অ' বৰষা ।
উকা পথাৰ সেউজ কৰা অ ' বৰষা
মৰুভূমিযে ও হাঁহিৱ লয় তুমাৰ সাহসত অ ' বৰষা.॥
তুমি নিজৰা হোৱা , তুমি জলাশয় হোৱা অ বৰষা
নদীযে বল পাই বৈ যাৱলে তুমাৰ সহসত অ বৰষা
জাক জাক বালি মাহি উৰে অ বৰষা ।
জল- জীৱন ৰঙিয়াল হয় তুমাৰে নামত অ বৰষা
কেছা মাটিত গজালি মেলে অ বৰষা ...॥
তুমি জীৱন হোৱা অ বৰষা
তুমি অমৃত হোৱা সকলোৰে অ বৰষা।
কবিতাৰ লিখক :বিনোদ দলৈ
Post a Comment