Click adila ads

হোলী /Holi /কবিতা /Assamese kobita /Fagun anekuwai neki/Assamese kobita/

 

কবিতাৰ শিৰোনামা হৈছে 

.....হোলী.....


আহিলে হোলী ৰঙৰে মেলা 

মতনতে বাঢ়িলে হেপাহৰ উল্লাহ

তুমি মই খেলো আহা 

মৰমৰে ফাকু গুৰা .....

হেৰাই য়োৱা জীৱনৰ ৰং

বিছাৰি য়াও ব'লা .....

 

বৃন্দা বনতে গোপিনীৰ মাজতে 

কৃষ্ণ গোসাঁইয়ে নানা ৰঙৰে

সীচিলে হোলী মুক্ত আকাশতে .....

পাতিলে উৎসৱ অসমৰ ভুমিতে 

পাতিলে হোলীৰ মেলা ভক্ত গণে

গুৰুজনাৰ জন্ম স্থান বৰদোৱাৰ বুকুতে 

আৰু পাতিলে বৰপেটা , মাজুলী সত্র 

অৰু নানা স্থান গাওঁৰ নাম ঘৰে ঘৰে ...



এইয়া ৰঙালী ফাগুনৰ ৰঙৰ বতৰ 

প্ৰীতিৰ সম্ভাৰ আদৰাৰ বতৰ ...

সানিলে ৰং দুগালতে 

লাগিলে ৰং দেহে মনে 

উৰিলে ৰং মুক্ত আকাশতে 

আনিলে ৰং প্ৰকৃতিয়ে 

নীলা আকাশৰ বুকুতে 

শিমলু মদাৰৰ গছৰ আগলিতে .....



ফাগুনৰে ৰং দেহত লাগি নুঠে কাৰু খং 

ইজনে সিজনক সানি মৰমৰ যাচঙ...

বেদাভেদ নাৰাখি মিলি জুলি থাকিৱ খুজঙ

জাতিৰ এনাজৰি যুগে যুগে বান্দী ৰাখঙ...

এইয়াই হৈছে হোলীৰ ৰং............



কবিতাৰ লিখক / বিনোদ দলৈ
www.assamesekobitabur.com

বি:দ্ৰ ,
      কবিতাটিৰ চমুকৈ বৰ্ণনা দিবলৈ চেষ্টা। কবিতাটো মোৰ নিজা স্বৰচিত কবিতা। কবিতাটি কোনো কবিৰ লিখনি লগ বা আন বেলেগৰ লিখনিৰ লগত কোনো সম্পৰ্ক নাই।কবিতাটোত হোলী ৰঙৰ ওপৰত লিখা হৈছে, ফাগুন মাহত যেতিয়া ৰঙা ৰঙৰ বিভিন্ন ঠাইত যেনে পাহাৰৰ পৰ্বত, নৈ নিজৰা, জান জুৰি, গাঁৱে ভৈয়ামৰ ,চহৰ নগৰ,ৰাস্তা ঘাটে গছৰ ডালত পলাশ মদাৰ শিমলু ফুল ফুলি ৰঙীয়াল কৰি ৰাখে চৌপাশৰ পৰিবেশ তেতিয়াই  ৰঙৰ মেলা ৰঙৰ উৎসৱ হলীৰ উৎয়াপন কৰা হয় । কবিতাটিত তাকেই অলপ  বুজাবলৈ কবিতা আকাৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰা হৈছে। আশাকৰোঁ আপোনালোকে কবিতাটি পঢ়ি ভাল পাইছে। এনেধৰনৰ কবিতা পঢ়িবলৈ লয় মোক following,,, কৰিবলৈ নাপাহৰিব দেই। যদি আপুনি আপোনাৰ কিবা মতামত দিব বিচাৰে তেনেহলে মোক জনাব কমেন্ট কৰি জনাব পাৰিব।

🙏🙏🙏🙏🙏🙏 ধ্যানবাদ 🙏 🙏 🙏 🙏 🙏 



আৰু এটা হলীৰ কবিতা পঢ়ো আহকচোন, কবিতাটিৰ নাম হৈছে "ফাগুন এনেকুৱাই নেকি?"

"Fagun anekuwai neki"

 ফাগুন এনেকুবাই নেকি??


পলাশ পলাশ লগা বতৰত 
ৰঙালে শিমলু মদাৰেও ডালত ;
নাচিলে পাত গাভৰু মলয়া জনিযেও মুক্ত আকাশত
চম্পা চামেলীযেও ৰৈ আছে দুৰ্ দিগন্তত ।
আউলী বাউলী হৈ লেৰেলি শুকাই মৰহিছে 
ধান খেৰৰ নৰা উদং পথাৰত ....॥



গকুলৰ বাকৰিত বৃন্দা বনত 
হেজাৰ হেজাৰ গোপিনীৰ মাজত ,
কৃষ্ণ গোসাঁই নাচিছে উলাহত
পাতিছে ৰঙৰ মেলা বনত ।
সিঁচিছে হোলী মুকলি গগনত
ভিন্ন ৰংঙেৰে ৰঙ্গালী হৈছে প্ৰবিত্র মৰতত ॥


হলী বৰ পবিত্ৰ উৎসৱ 
অসমত উৎয়াপন কৰা হয় 
প্ৰতিটো বছৰৰ ফাগুনৰ মাহত 
বৰদোৱা বৰদৌল বৰপেটা মাজুলীৰ সত্ৰত
আৰু উৎয়াপন কৰা হয় অসমৰ বহু স্থানত ।
প্ৰতিটো গাঁৱৰ নামঘৰত প্ৰতিটো গাঁৱৰ চকত
ৰং সানি ইজনে সিজনক ধৰি ৰাখে সমন্বয় নীতিৰ বানক
নকৰে খংঙ ৰাগ ইজনে সিজনক ।




 কবিতা লিখক :
       বিনোদ দলৈ




No comments

Powered by Blogger.