Click adila ads

আমি হলো বাহিৰত কাম কৰা ল'ৰা/কবিতা /Aami halu bahirot kam kora lora /Sad Assamese poetry /Assamese kobita

...................কবিতা...............

আমি হলো বাহিৰত কাম কৰা ল'ৰা/কবিতা /Aami halu bahirot kam kora lora /Sad Assamese poetry /Assamese kobita

আমি ৰাতিটো ভালকৈ

টোপনি মাৰিব পাইছো নে নাই 

দিনত এমুঠি ভাত খোৱাৰ

সময় কন পাইছো নে নাই 

ক'ত কি কৰি আছো,

কিবা সমস্যাত হে আছো নেকি ?

এইবোৰ সুধি আমক খৱৰ লোৱাৰ

কাৰোৰেই সময় নাই

মাথো লাগে সকলোকে আমাৰ পৰা

কাম কাম কাম 

তাৰ বিনিময়ত আকৌ নাপাওঁ

কষ্টৰ সঠিক দাম

নুবুজে নুবুজে কোনেওঁ নুবুজে

আমাৰ মনৰ বতৰা

আমি হলো বাহিৰত কাম কৰা ল'ৰা ॥






কান্ধত ঘৰৰ সমষ্ট দায়িত্বৰ বোজা লৈ 

নিজৰ সকলো আশা আকাঙ্ক্ষাক 

জ্বলাই ছাই কৰি থৈ..

পৰিয়ালৰ কুশলৰ অৰ্থে

অভাৱক নেওঁছিবলৈ

কৰ্ম সূত্রে থাকো দেশ বিদেশৰ

বহু দুৰণি ঠাইত গৈ,

বহু ব্যস্ততাৰ মাজতো সঘনাই

আহে ঘৰৰ কথা মনলৈ

ৱৈ আহে চকুলো কোনেওঁ নেদেঁখাকৈ

হেজাৰ বেদনা থাকিলেও

কাকো খুলি কব নোৱাৰা 

আমি হলো বাহিৰত কাম কৰা ল'ৰা॥







ফোনত যেতিয়া নিজেই বাছি ৰখা 

ভাল লগা ৰিংঙ টনতোযে

চিঞৰি চিঞৰি বাজে..

মোৱাইলৰ বুকুত চিনাকি কোনোবা

আপোন জনৰ নাম জিলিকি উঠে

তেতিয়া কিছু চেকেণ্ড! মনত ভাল লাগে 

কিবা ভাল বাতৰি পোৱাৰ

হেঁপাহ মনত জাগে

কিন্তু সেই হেঁপাহ সেই উৎসাহ সেই ৰং 

কিছু মুহূৰ্ত্তৰ নহওঁতে

থান-বান চূৰ্ণ-বিচূৰ্ণ হৈ ভাগে 

সিহঁতৰ হে'লৌ শব্দটোৰ পৰাই

আৰম্ভ হৈ শেষৰ বা'ই শব্দটোলৈ

শেষ নহয় আলেশ সমস্যা

আৰু বেদনা ভৰা কথাকৈ 

আৰু নো কি কম আনক

নিজৰ আবেগ অনুভূতিৰ কথা

আমি হলো বাহিৰত কাম কৰা ল'ৰা॥








মাহৰ শেষত পোৱা পইচা কেইটা

দুদিন নহওঁতেই

ঘৰৰ সমস্যাৰ তাপলি মাৰিবলৈ

পঠিয়াই দি শেষ কৰা

নিজৰ বাবে কিবা এটা লোৱা

কিবা এটা খোৱাৰ আগতে এশবাৰ চিন্তা কৰা

আমি হলো বাহিৰত কাম কৰা ল'ৰা ।


দিনৰ পিছত দিন বছৰ পিছত বছৰ 

এনেকৈয়েই যুগ যুগ পাৰহৈ যায়

তথাপিওঁ দেখোঁন সমস্যাৰ সমাধান কৰি

শেষ কৰিব পৰা নাই.....

নিজে কি আছিলো কি হলো 

তাকো ভাবিৱলৈ দেখোঁন আহৰিয়েই নাই..

বহু বছৰেই হ'ল

গাঁৱৰ সেই বিহু পূজা মেলাৰ 

মুখ নেদেখা.....

আমি হলো বাহিৰত কাম কৰা লৰা .......

নুবুজে কোনেওঁ নুবুজে

আমাৰ মনৰ বেথা.....

আমি হলো বাহিৰত কাম কৰা ল'ৰা .....

 





কবিতাৰ লিখক : বিনোদ দলৈ

              ঠিকনা :- কুলাজৰি টোপাতলি কামৰূপ(ম)

                            অসম ৭৮২৪০৩ ...


No comments

Powered by Blogger.