আমি অসমীয়া নহওঁ দুখীয়া/কবিতা /aami axomia nahou dhukhia /Assamese poem/
কবিতা
"আমি অসমীয়া নহওঁ দুখীয়া "
দুঃখ দুঃখ কৰি ...
দুঃখ কৰি নথাকো আমি ..
হৱ পাৰো ধনৰ দুখীয়া ....
তথাপিতো কদাপি নহও ..
আমি মনৰ দুখীয়া ..
বিছাৰিলে ধন
আমাৰ হাতত নাপাব পাৰা ..
বিছাৰিলে মন আমাৰ হিয়াত
সচাঁকে তুমি বিছাৰি পাবা .
গাৰ ৰং হৱ পাৰে মাগুৰ বৰণীয়া
নহ'বও পাৰো আমি দেখাত ধুনীয়া
বুকুতে আছে কিন্তু
এখন বহল দয়াৰে ভৰা হিয়া ..
আমি অসমীয়া নহওঁ দুখীয়া ......।
এদিন হলেও আমি ডাঙৰ মানুহ হম...
লাখে লাখে টকা আমিও গঢ়হিম...
এদিন হলেও আমি বৰ মানুহ হম
সকলোৰে মাজত নিজকে
অসমীয়া হোৱাৰ গৌৰব কৰিম
আহিলে আহক হেজাৰ ধুমুহা
পলকতে আমি নেওচি যাম..
জাতি ধৰ্ম জাত পাত নিবিছাৰি
আমি অসমীয়া বুলি নিজকে কম
যিদিনাই সকলোয়ে মিলি এক হম ....
আমি অসমীয়া নহওঁ দুখীয়া ......।
নকৰো লাজ আমি সৰু বৰ কাম কৰিৱ
পাওঁ আমি লাজ খুজি মাগী খাৱ
কামৰ কোনো যে সৰু বৰ নাই
এই কথা মনত ৰাখিবা সদায়
যত্ন কৰিলে ৰত্ন পাই
চেষ্টা'ৰ অসাধ্য জীৱন'ত একোযেই নাই ..
আমি অসমীয়া নহও দুখীয়া .....।
পঢ়া-শুণা বয়সতে
প্ৰেম পিৰিতি কৰি
নকৰো নকৰো আমি জীৱন নষ্ট ...
ডেকা বয়সতে মদ ভাং খাই
নকৰো নকৰো আমি জীৱন ধ্বংস..
ভাল পথেৰে আমি আগুৱাম
ভাল ভাল কাম আমি কৰি যাম
সোণালী আখৰৰে নিজৰ নাম
আকাশত আমি জিলিকাম...
এদিন হলেও আমি
ডাঙৰ মানুহ হম...
আমি অসমীয়া নহও দুখীয়া .....।
ভালে হে ভালক পাই
জাৱৰে খালক পাই
ভাল কাম কৰিৱা ভাল নাম পাবা
বেয়া কাম কৰিবা জহন্নামে যাবা....
জীয়াই থকা মানেই নকয় জীৱন
যদি হে নাগাই কোনেও তোমাৰ গুন-গান
জীৱনৰে পথ খলা বমা
খোজে পতি থাকে বহুতো বাধা ।
সাহষিকতাৰ পৰিচয় তাতে হে পাবা
যি জনে নাভাগৰে তাৰ লক্ষ্যৰ পৰা
সফলতাৰ লাডু খাব পায় সেইজনা
বিফলতাৰ পাছতো নিজকে হাৰ নমনা...
আমি অসমীয়া নহওঁ দুখীয়া ।
ভাল ভাল চিন্তা মনত ৰাখিম
ভাল ভাল কাম আমি সদায় কৰিম
হেজাৰ হেজাৰ যুগ পাৰ হওক
হেজাৰ পৰিৰ্বতন হওক
নহবি সলনি তুমি মোৰ অসমী আই
নহবি সলনি তুমি মোৰ জাতি ভাই
যেতিয়ালৈ বৈ থাকিৱ ব্ৰাহ্মপুত্র নদী
তেতিয়ালৈ থাকিৱ মোৰ অসমীয়া জাতি
আমি অসমীয়া নহও দুখীয়া ......
ই কথাষাৰ সকলোযে মনত ৰাখিবা ।
লিখক :- বিনোদ দলৈ
কবিতাটো পঢ়ি ভাল পাইছে যদি please share comment and following কৰিব । আশাকৰোঁ আপোনালোকে কবিতাটিক মৰম দিব ।
আকৌ এটা ধুনীয়া কবিতা গীত পঢ়হো আহকচোন -/ কবিতাটো তলত উল্লেখ কৰা হ'ল
Post a Comment