Premor Bikhad /Assamese poem/প্ৰেমৰ বিষাদ/অসমীয়া কবিতা /Assamese kabita /Assamese love peom
Assamese kobita/"Premor Bikhad"
অতী'ত আছিলা তুমি
অতিকৈ মৰমৰ মোৰ হৃিদয়ৰ
আজি কিয় বিষাদ হ'লা
মোৰ এই নিঠৰুৱা জীৱনৰ..।
তোমাৰ ভাবনাত বৈ যায় নদী দুচকুৰে
কলিজাত জ্বলে বিষাক্ত জুই
বিশ্বাসঘাটকতা ৰ কপট-চলনাৰে,
মুক্ত আকাশত উৰি ফুৰা পক্ষীক
মিছা চেনেহৰ সজাত কিয় বান্ধিছিলা ।
যদি যাবলৈয়ে মন আছিল মোক এৰি
আপোন হুৱাৰ ভাওনা কিয ধৰিছিলা ॥
আজি অগনন জন-গনৰ মাজত
কিয় মোক কৰিলা অকলশৰীয়া
তোমাৰ বিনে মোৰ এই ৰঙিন পৃথিৱী খন
ক'লা ক'লা উদং উদং শূন্যতা।
দিশ বিছাৰি দিশহাৰ হৈছো মই
স্থিৰতাই ৰাখিছে মোক ধৰি
তোমাৰ এলাগি কথাই নিদিয়ে
পাহৰি আগলৈ কৰিব জীৱনক গতি ।
ৰামধেনু ধুনীয়া ৰংবোৰো ভাল নালাগে মোৰ..
মাথো লাগে ভাল নিৰৱ নিজান একাষৰীয়া ঠাই
আৰু লাগে ভাল ঘোৰ এন্ধাৰে
আবৰা ক'লা আকাশলৈ চাই।
তুমি আছিলা জীৱনও আছিলা মোৰ
তুমি আজি মোৰ কাষত নাই
জীৱনৰ অৰ্থ নাই সপোন নাই আশা-আশংসা নাই ।
মাথো আছে শূন্যতাৰে ভৰা এটি জীৱন
নাজানো আৰু কিমান দিন ৰম এনেকৈ
আছো অপেক্ষাত নেদেখা-জনাৰ আমন্ত্ৰণ আহালৈ।
কবিতাৰ লিখক* :
*বিনোদ দলৈ*
ঠিকনা :- *কামৰূপ (ম)অসম
(ম)*৯৪৩৬৭০৭২২৬*
Assamese poem:-Bujabo Nuwara Bedona
"বেদনা"
প্ৰসৰ ৰ'দৰ তাপত শুকাই আছো মই
নিজৰ চাযাতো নিজতে
শেষ হোৱা দেখিছোঁ মই,
যেন ভৰ দুপৰিয়াত থিয় দি আছো মই
ৰুটি বনোৱা টাৱা খনৰ দৰে
প্ৰচণ্ড গৰমত তপতিছো মই।
গছৰ চাঁ বোৰেও শিতলাব পৰা নাই
মোৰ এই বেদনাৰে ভৰা উত্তপ্ত দেহাক
অলপওঁ দেখোঁন লগা নাই মোৰ গাত
হেজাৰ হেজাৰ বেগেৰে ব'লা
শিতল ধুমুহা জাক ।
দিন পাৰ হল যুগ পাৰ হল
বহু সলনি হল, গছ বনও ডাঙৰ হল
মাথো নহল সলনি লিখা মোৰ
এই কপালৰ লিখনি কন.....।
গান গোৱা গায়ক জনৰ সকলো্যে চিনিলে
লিখা জনক আকৌ বহু কম জনে হে জানিলে
হাঁহি থকা মুখনিক সকলোযে দেখিলে
অন্তৰৰ বেদনাক কুনেও নুবুজিলে
সহাৰি পোৱা কিছুজনে গুণ বসানিলে
স্বাৰ্থপৰ বোৰে আকৌ নামকেই পাহৰিলে ।
আনৰ অভাৱত মিতিৰালি চাপিব
অনেক তোমাৰ কাষত
অভাৱৰ সমাধি ঘটাৰ পাছত
ফৰিং ফুটুকা দি চিটিকিব সিহঁত বহু দুৰত...।
তোমাৰ সমস্যাত দেখা জনেওঁ নেদেখা হব
বংশ কুতুম আপোন জনেও
উভতাই বৈঠা মাৰিব
সুখৰ প্ৰীতি-ভোজ খাৱলৈ
কাউৰীও আহিব কাষত
দুখৰ সমভাগি হ'বলৈ কুকুৰেও
নাছাপে তোমাৰ কাষত।
কবিতাৰ লিখক :বিনোদ দলৈ
ঠিকনা :- *কামৰূপ (ম)অসম
(ম)*৯৪৩৬৭০৭২২৬*
প্ৰতি পলে মনত পৰে
কথা তোমাৰে
দুচকু সেমেকে হৃিদয়ে কান্দে
অতীতৰ স্মৃতি
মনত পৰি বাৰে বাৰে ।
অতী'ত আছিলা তুমি
অতিকৈ মৰমৰ মোৰ হৃিদয়ৰে
আজি কিয় বিষাদ হ'লা
মোৰ এই নিথৰুৱা জীৱনৰে...।
তোমাৰ ভাবনাত বৈ যায় নদী দুচকুৰে
কলিজাত জ্বলে বিষাক্ত জুই
বিশ্বাসঘাটকতাৰ কপট-চলনাৰে
মুক্ত আকাশত উৰি ফুৰা পক্ষীক
মিছা চেনেহৰ সজাত কিয় বান্ধিছিলা
যদি যাবলৈয়ে মন আছিল মোক এৰি
আপোন হুৱাৰ ভাওনা কিয ধৰিছিলা ॥
আজি অগনন জন-গনৰ মাজত
কিয় মোক কৰিলা অকলশৰীয়া
তোমাৰ বিনে মোৰ এই ৰঙিন পৃথিৱী খন
ক'লা ক'লা উদং উদং শূন্যতা।
দিশ বিছাৰি দিশহাৰ হৈছো মই
স্থিৰতাই ৰাখিছে মোক ধৰি
তোমাৰ এলাগি কথাই নিদিয়ে
পাহৰি আগলৈ কৰিব জীৱনক গতি ।
ৰ'দৰ পোহৰতো এন্ধাৰ এন্ধাৰ লাগে মোৰ
ৰামধেনু ধুনীয়া ৰংবোৰ ও ভাল নালাগে মোৰ..
মাথো লাগে ভাল নিৰৱ নিজান একাষৰীয়া ঠাই
আৰু লাগে ভাল ঘোৰ এন্ধাৰে
আবৰা ক'লা আকাশলৈ চাই।
তুমি আছিলা জীৱনও আছিলা মোৰ
তুমি আজি মোৰ কাষত নাই
জীৱনৰ অৰ্থ নাই সপোন নাই আশা-আশংসা নাই ।
মাথো আছে শূন্যতাৰে ভৰা এটি জীৱন লৈ
নাজানো আৰু কিমান দিন ৰম এনেকৈ
আছো অপেক্ষাত নেদেখা-জনাৰ আমন্ত্ৰণ আহালৈ।
কবিতাৰ লিখক* :
*বিনোদ দলৈ*
ঠিকনা :- *কামৰূপ (ম)অসম
(ম)*৯৪৩৬৭০৭২২৬*
Post a Comment