"গছ বোৰ দেখিলে"/Gashbur dekhile/Assamese kobita/Assamese poem/
যেতিয়া মই গছ বোৰক দেখোঁ
এনে লাগে মোৰ আপোন প্ৰিয় জন
মৰমৰ বন্ধু-বান্ধৱী গন
হাঁহি হাঁহি মোক মাতি আছে ;
যেতিয়া মই সেউজ ডাল পাতে ভৰা
গছ বোৰক দেখোঁ ,
তেতিয়া মোৰ এনে লাগে
যেন মায়ে মোক কোলাত বহুৱাই
মুৰত হাত বুলাই মৰম কৰি আছে ।
যেতিয়া মই ডাল ভৰি ভৰি
ফল লাগি থকা গছবোৰক দেখোঁ ,
তেতিযা মোৰ এনে লাগে
যেন মোৰ দেউতাযে মোলৈ
হেজাৰ কষ্ট কৰি কপালৰ ঘাম
মাটিত পেলাই নিজৰ আশা আকাংঙ্খাক
জ্বলাই চাৰা শাৰ কৰি মাথো মোৰ বাবে
মৰমৰ হাতেৰে অন্ন লৈ আনিছে...।
যেতিয়া মই ভিন্ন ৰঙৰে ফুলে ভৰি থকা
গছ জোপালৈ চাওঁ
তেতিয়া মোৰ হিৃদয়ত হেৰাই যাৱ ধৰা
দুৰ্বল,ভাগৰুৱা অলেখ প্ৰেমৰ ভাৱনা জাগ্ৰত
হোৱা নিজেই নিজৰ বুকুত শব্দ শুণো....॥
আকৌ মই যেতিয়া লেৰেলি শুকাই মৰহি
অৰ্ধ প্ৰাণ হেৰুৱাই শুকান ডাল লৈ থিয় হৈ
বহু আশা মনত সোপি লৈ ৰৈ থকা
গছ জোপালৈ চাওঁ ,
তেতিয়া মোৰ এনে লাগে থৰক ৱৰক কৰি
হাতত এটি লাখুটি লৈ ককাল হালি পৰা
ছাল সুতুৰা পৰি যোৱা চাৰিকুৰি বয়স পাৰ কৰা
অসহায় আইতা জনিলৈ বৰকৈ মনত পাৰে...।
আকৌ যেতিয়া মই কণ কণ ডাল পাৰত লৈ
বহু সপোন আৰু হেজাৰ আশা লৈ
লহ পহকৈ বাঢ়িৱলৈ ধাৰা
বিৰিষৰ পুলি বোৰলৈ চাওঁ
তেতিয়া এনে লাগে যেন মৰমৰ
পোনাকণ হতে কিৰিলি মাৰি
ৰং মনে নিচিন্ত মনে নিজতে মজগুল
মতলিয়া হৈ খেলি আছে......।
লিখক :বিনোদ দলৈ
Post a Comment