Click adila ads

ATI MITHA HAHI/এটি মিঠা হাঁহি /Assamese Poetry/Assamese kobita/Akhomiya kobita /কবিতাৰ নাম:/ "এপাহি ৰঙা গোলাপে


 কবিতাৰ নাম:

"এপাহি ৰঙা গোলাপে"


সেউজীয়া পাতৰ আৰে আৰে

কাইটে ভৰা ডালৰ আগলিতে

ফুলিলে এপাহি ৰঙা গোলাপে..। 


ৰঙাকৈ এটি কলিয়ে ভুমুকি মাৰিলে

সকলোৰে মন মোহিত কৰিলে

এপাহি ধুনীয়া ৰঙা গোলাপে..।     


সুমধুৰ সুগন্ধী চৌপাশত বিলালে

প্ৰেমৰ ভাবনাক মনত জগালে...

এপাহি ৰঙা গোলাপে...।


 জীৱন ৰং কি শিকালে

  শুই থকা মনক জগালে 

 এপাহি ৰঙীন গোলাপে.....॥

কবিতাৰ লিখক : বিনোদ দলৈ









"Ati Mitha Hahi"/Assamese poem

শীতৰে সেমেকা ৰাতি 

প্ৰভাততে শুই উঠি

দুটি চকু মুহাৰি মেলি

খিৰিকী ফাকেৰে চাই

দেখিলোঁ তোমাৰ এটি মিঠা হাঁহি ..।


মন মুগ্ধ কৰা তোমাৰ মিচিকি হাঁহি দেখি

প্ৰচণ্ড জাৰ গল বহু দুৰ দুৰন্তত আতৰি

দেখি তোমাৰ এটি মি্ঠা হাঁহি .....।



চৌপাশ  হল ৰঙীন ৰঙীন

বাজি উঠিল সুমধুৰ গান

নাচি উঠিল দেহ মন প্ৰাণ 

দেখি তোমাৰে এটি মিঠা হাঁহি ..।



এলাহৰ মামৰে আৱৰি থকা দেহটিত 

যেন আহিল ওভতি ঐশ্বৰিক শক্তি 

বাৰহিলে মনোবল কৰিৱলে দৈনিক জীৱনলে গাতি

দেখি তোমাৰে এটি মিঠা হাঁহি ...।



কবিতাৰ লিখক :-বিনোদ দলৈ



No comments

Powered by Blogger.